ৰাজ্যত নতুনকৈ ২৬৯ জন লোক কৰʼনাত সংক্ৰমিত

pc The Diplomatist

ৰাজ্যত নতুনকৈ ২৬৯ জন লোক কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত কৰʼনা  সংক্রমণ অব্যাহত আছে। ৰাজ্যখনত নতুনকৈ ২৬৯জন লোক কৰʼনাত সংক্ৰমিত হয়। কৰʼনাত সংক্ৰমিত হৈ ৫জন লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি  ৰাজ্যখনত মুঠ ৩২,৭৯১জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়। ইয়াৰে ২৬৯জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে। নতুনকৈ আক্রান্ত হোৱাসকলৰ ভিতৰত ৬১জন কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ০.৮২ শতাংশ। আনহাতে, ৰাজ্যখনত বৰ্তমান সুস্থতাৰ হাৰ ৯৮.৪৫।