ৰাজ্যত নতুনকৈ হস্পিতাল আৰু প্ৰতিটো সমষ্টিত হেলড অডিট স্থাপন- স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

pc The Hills Times

ৰাজ্যত নতুনকৈ হস্পিতাল আৰু প্ৰতিটো সমষ্টিত হেলড অডিট স্থাপন- স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

অনলাইন বাৰ্ত্তাসেৱা- বিধান সভাৰ মজিয়াত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিৰোধীয়ে অনা কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি ঘোষণা কৰে যে ৰাজ্যৰ স্বাস্থ্য খণ্ডক উন্নত কৰাৰ বাবে নতুন  আঁচনি গ্ৰহণ কৰিছে। লগতে হস্পিতালসমূহত প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আছেনে নাই সেই সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে প্ৰথমবাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে হেলথ অডিটি কৰাৰো সিদ্ধন্ত লৈছে। মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বৰ বাবে স্বাস্থ্য বিভাগে ব্যাপক পৰিৰ্বতন সাধন কৰিবলৈ সক্ষম হৈছে আৰু  সেয়ে বর্তমানেও স্বাস্থ্য বিভাগে মুখ্যমন্ত্ৰীৰ দিহা পৰামৰ্শ অনুসৰিয়েই কাম কৰি গৈছে। যাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ৰাজ্যখনত ১০০০ খন নতুন হস্পিতাল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। আৰু প্রত্যেক সমষ্টিতে নতুন হস্পিতাল প্ৰদান কৰা হ’ব। নতুনকৈ ১০০০ হস্পিতাল নিৰ্মাণ কৰিলে স্বাভাৱিকতে ইয়াৰ পৰিসৰ অধিক বৃদ্ধি পাব। চৰকাৰে কেৱল হস্পিতাল নিৰ্মাণ কৰিয়েই দায়িত্ব এৰিব বিচৰা নাই। হস্পিতালসমূহত প্রয়োজনীয় সুবিধা তথা চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী আছেনে নাই তাক পৰ্যৱেক্ষণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে ।

 

(R.T)