ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে

Pc The Financial Express

ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে

ৰঙিলী বাৰ্ত্তাসেৱা-   দেশত ক’ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হোৱাৰ সময়তে অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ।সকলোতকৈ অধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত৷ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ গৰাকীলৈ বৃদ্ধি হৈছে।অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ গৰাকী কৰ’নাত আক্ৰান্ত হৈছে।ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে যদিও স্বাস্থ্য বিভাগে বিশেষ কোনো সতৰ্কতামূলক ব্যৱস্থ‍া গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।ক’ভিড পৰীক্ষা বৃদ্ধি কৰা সন্দৰ্ভতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।অৱশ্যে কভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷মন্ত্ৰীজনৰ মতে, ক’ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰখন সম্পূৰ্ণ ৰূপে সাজু হৈ আছে৷আনহাতে সম্প্ৰতি ৰাজ্যখনত ক’ভিডৰ যিটো ভেৰিয়েণ্ট×ৰ সংক্ৰমণ চলি আছে উক্ত ভেৰিয়েণ্টটো যথেষ্ট দুৰ্বল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰায়সংখ্যক লোকেই ইতিমধ্যে দুয়োপালি ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিছে৷সেয়েহে কভিডৰ সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে৷ সাংবাদিকৰ আগত তেওঁ কয় যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, সকলো সৰ্তক হৈ থাকক৷