ৰাজ্যত এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱ ক’ভিড এছ অ’ পি মানিহে আয়োজন

PC- DNA India

ৰাজ্যত এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱ ক’ভিড এছ অ’ পি মানিহে আয়োজন

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ৰাজ্যত এইবাৰ দুৰ্গোৎসৱ আয়োজনৰ বাবে অনুমতি প্ৰদান কৰিছে যদিও কেতবোৰ নীতি-নিয়মৰ মাজেৰেহে এই দুৰ্গোৎসৱ আয়োজন কৰা হ’ব। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সুকীয়া এছ অ’ পি প্ৰকাশ কৰিছে। ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নীতি-নিয়মৰ মাজেৰে আয়োজনৰ অনুমতি প্ৰদান কৰিছে যদিও এইবাৰৰ দুৰ্গোৎসৱ পূৰ্বৰ দৰে জাকজমকীয় নহ’ব। আয়োজক সমিতিসমূহ ক’ভিড মহামাৰীৰ এই সময়ছোৱাত অত্যাধিক জাকজমকতাৰে আয়োজন কৰিবলৈ আগ্ৰহী নহয়। পূৰ্বৰ দৰে লাখ টকাৰ বাজেটেৰে দুৰ্গোৎসৱ আয়োজন কৰা দুৰ্গাপূজাৰ আয়োজক সমিতিসমূহে বিগত বৰ্ষৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি কেৱল আধ্যাত্মিক আৰু ধৰ্মীয় নীতি- নিয়মসমূহ পালন কৰাৰ বাবেহে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত সৰ্বাধিক পূজাৰ আয়োজন কৰাৰ লগতে বৃহৎ বাজেটেৰে আকৰ্ষণীয় কৰি তোলা হয় মণ্ডপ। কিন্তু এইবাৰ মহানগৰীৰ এই পূজাসমূহতো নাথাকিব বৃহৎ বাজেটৰ আকৰ্ষণীয় আলোকসজ্জা তথা বৃহৎ মণ্ডপ। লতাশিলত আয়োজন কৰা সাৰ্বজনীন দুৰ্গাপূজা সন্দৰ্ভত কমিটীৰ বিষয়ববীয়া কৈলাস শৰ্মাই কয় যে চৰকাৰে প্ৰকাশ কৰা এছ অ’ পি অনুসৰি এইবাৰো তেওঁলোকে সাধাৰণভাৱে পূজাৰ আয়োজন কৰিছে। এই দুৰ্গোৎসৱত কোনো ধৰণৰ বাহ্যিকতা নাথাকিব। সৰু মূৰ্তি আনি ধৰ্মীয় ৰীতি-নীতি অনুসৰিহে মা দুৰ্গাৰ পূজা সম্পন্ন কৰা হ’ব।