অনলাইন বাৰ্ত্তাসেৱা- নতুন SOP অনুসৰি গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।কামৰূপ মহানগৰকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ।পূৰ্বৰ দৰেই এই নতুন SOP তো বন্ধ ৰখা হৈছে আন্তঃজিলা যাতায়াত ব্যৱস্থা।পূৰ্বে লকডাউনত থকা যোৰহাট, বিশ্বনাথ, শোণিতপুৰ এই তিনিখন জিলাত শিথিল কৰা হৈছে লকডাউন।এই তিনিখন জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।৩১ জুলাইলৈকে বাহাল থাকিব এই নিৰ্দেশনা।পূৰ্বৰ দৰেই এই সময়চোৱাত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি। by utpal kalita