ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা

Pc Ndtv

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা

ৰঙিলী বাৰ্ত্তসেৱা- গড়চুক আৰক্ষীয়ে মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত আইএছবিটিত অভিযান চলাই ড্রাগছসহ অমিত দেৱনাথ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰীয়ে জানিবলৈ দিয়া মতে, গোপন সূত্ৰৰ পমখেদি  পুৱা অমিত দেৱনাথক ড্রাগ্ছসহ আইএছবিটিত গ্ৰেপ্তাৰ কৰে। ধৃত অমিতৰ স্বীকাৰোক্তিৰ ভিত্তিত গড়চুক আৰক্ষীয়ে লালগণেশৰ প্ৰগতি নগৰ পথত অভিযান চলাই জিন্টু মণ্ডল আৰু উৎপল দাস নামৰ দুই ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ১২.৬ গ্রাম হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে ধৃত ড্ৰাগ্‌ছ সৰবৰাহকাৰীকেইটাৰ পৰা এএছ-০১ইইউ-৮৭০৯, এএছ-০১ডিএছ-৯৩০১ নম্বৰৰ আৰু এখন নম্বৰ প্লেটবিহীন দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়।