ৰাজনাথ সিঙে লাডাখত পুনৰ নিৰ্মাণ কৰা যুদ্ধ স্মাৰক উদ্বোধন

Pc ANI News

ৰাজনাথ সিঙে লাডাখত পুনৰ নিৰ্মাণ কৰা যুদ্ধ স্মাৰক উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে লাডাখৰ ৰেজাং লাত এটা পুনৰ নিৰ্মাণ কৰা যুদ্ধ স্মাৰক উদ্বোধন কৰে। য’ত ভাৰতীয় সৈন্যই ১৯৬২ চনত চীনা সৈন্যৰ সৈতে যুঁজ দিছিল। তেওঁ কয় যে, “ৰেজাং লাৰ যুদ্ধক বিশ্বৰ দহটা সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ সামৰিক সংঘৰ্ষৰ ভিতৰত এটা বুলি গণ্য কৰা হয়।” ৰাজনাথ সিঙে লগতে স্মাৰকটোক ভাৰতীয় সেনাৰ সংকল্প আৰু অদম্য সাহসৰ উদাহৰণ হিচাপে বৰ্ণনা কৰিছিল।