ৰাজধানী দিল্লীত চাৰি গৰাকী অসম কন্যাৰ দপদপনি

Pc the janambhumi

ৰাজধানী দিল্লীত চাৰি গৰাকী অসম কন্যাৰ দপদপনি

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ প্ৰাণকেন্দ্ৰ দিল্লীত অসম কন্যাৰ দপদপনি।ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত অসমৰ চাৰি যুৱতী।চাৰি যুৱতী ক্ৰমে ধেমাজিৰ ইৰানী চুতীয়া, হেপী বুঢ়াগোঁহাই, শিৱসাগৰৰ কল্পনা দাস আৰু গুৱাহাটী সোণাপুৰৰ জ্যোতি বৰাক দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়নৰ পৰা নিৰ্বাচন কৰি নিৰাপত্তাৰ দায়িত্ব প্ৰদান কৰিছে।চাৰি গৰাকী অসম জীয়ৰীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্ব সম্পাদন কৰি আছে৷ উল্লেখযোগ্য যে,২০১৯ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতী সকলক উৎসাহিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে এক পৰীক্ষা অনুষ্ঠিত কৰিছিল।এই পৰীক্ষাত অসমৰ ৪১ গৰাকী যুৱতী আৰু প্ৰায় ৮৪ জন যুৱকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়৷পিছত ইটোৰ পিছত সিটো কঠোৰ অনুশীলনৰ জৰিয়তে নিজকে সাজু কৰি তুলিবলৈ সক্ষম হোৱা চাৰি যুৱতীয়ে দিল্লী আৰক্ষীৰ বিশেষ নিৰপত্তা গোটত সেৱা আগবঢ়াবলৈ দায়িত্ব লাভ কৰে৷