ৰাজকীয় জীৱন ত্যাগ কৰি সাধাৰণ লোকৰ সৈতে বিয়াত বহিল জাপানৰ ৰাজকুমাৰী মাকো

ৰাজকীয় জীৱন ত্যাগ কৰি সাধাৰণ লোকৰ সৈতে বিয়াত বহিল জাপানৰ ৰাজকুমাৰী মাকো

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজকুমাৰীৰ পদ ত্যাগ কৰি সাধাৰণ লোকৰ সৈতে বিয়াত বহিল জাপানৰ ৰাজকুমাৰী মাকো।দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত অৱশেষত বিবাহ পাশত আবদ্ধ হ’ল জাপানৰ ৰাজকুমাৰী।বাগদত্তা তথা সহপাঠী কোমুৰোৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৰাজকুমাৰী মাকো।ইতিমধ্যে দুয়ো নিউয়ৰ্কলৈ ৰাওনা হোৱাৰ লগতে তাত কুমোৰোয়ে আইন সম্পৰ্কীয় কৰ্মক্ষেত্ৰত নিয়োজিত হোৱাৰ পৰিকল্পনা কৰিছে।জাপানৰ ৰাজ পৰিয়ালৰ নিয়ম অনুসৰি, ৰাজপৰিয়ালৰ কোনো জীয়ৰীয়ে ৰাজপৰিয়ালৰ বাহিৰে অন্য কোনো সাধাৰণ পৰিয়ালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লে তেওঁলোকে ৰাজকুমাৰীৰ পদ হেৰুৱাব লগা হয়।মাকুয়ে ৰাজকুমাৰীৰ উপাধি এৰি স্বামীৰ উপাধি গ্ৰহণ কৰিব লাগিব।বিবাহৰ আইনী প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতেই মোকোৱে সকলো ধৰণৰ ৰাজকীয় মৰ্যদাও হেৰুৱাই পেলাব।২০১৭ চনৰ পৰাই মাকো আৰু কেই কুমোৰোৰ বাগদান সম্পন্ন হৈছিল যদিও মাতৃৰ সৈতে জড়িত এক বিত্তীয় বিবাদৰ বাবে তেওঁলোকৰ সম্পৰ্ক একপ্ৰকাৰৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল।