ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে

Pc assam.news18.com

ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-   অৱশেষত ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে।ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে অখিল গগৈয়ে।বিধায়ক অখিল গগৈয়ে দুখ প্ৰকাশ কৰি মন্তব্য প্ৰত্যাহাৰ কৰিলে।আদিবাসী আৰু চাহ জনগোষ্ঠী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে।উল্লেখযোগ্য যে,এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি অখিল গগৈয়ে কৈছিল যে,”দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে?দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা৷তেওঁ এগৰাকী অভিজাত মহিলা৷যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিল,যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে !”অখিল গগৈৰ এই মন্তব্যৰ পাছতেই আদিবাসী-চাহ জনগোষ্ঠীৰ ৰোষত পৰিছিল অখিল গগৈ।অখিল গগৈৰ মন্তব্যৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল চাওঁতাল ছাত্ৰ সন্থা-আদিবাসী ছাত্ৰ সন্থা।ক্ষমা নিবিচাৰিলে অখিল গগৈক চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰিব বুলিও হুংকাৰ দিছিল।