ৰমজান ঈদ – সবিতা বেগম 

Pc Arabian Business
ৰমজান ঈদ 
সবিতা বেগম 
পাকাবেত বাৰী পাম
শ্ৰেষ্ঠ আৰু পৱিত্ৰ ত্ৰিশ দিন মাহ ৰমজান ,
ৰহমত, মাগফিৰাত, নাজাত অপৰূপ দান।
শয়তান, জ্বীন, অশুভ শক্তি বন্দী,
দ্বেষহীন ভাতৃত্ববোধ , সাধ্যসাৰীৰ জৰুৰী।
কিয়ামতৰ সাফা , শৰীৰৰ জাকাত ৰমজান,
হেদায়ত সত্য পথ খোলা জান্নাতে ‘ৰাইয়ান’।
অবতীৰ্ণ পৱিত্ৰ মহা গ্ৰন্থ গোটেই ৰমজান জুৰি,
দানৰ পবিত্ৰ মাহ পঞ্চম স্তম্ভৰ শক্তিশালী খুটি।
ৰোজাৰ পুৰস্কাৰ দিব নিজ হস্তে
মহান স্ৰষ্টা যি।
নতুনত্বই পূৰ্ণ পৃথিৱী উল্লাস গুঞ্জন মিলা-প্ৰীতি,
ৰোজা শেষত পশ্চিমাকাশত কাঁচিজোন দেখি
ঈদৰ আনন্দই বাজিব আকাশে বতাহে শান্তিৰ ধ্বনি
খোৱা – লোৱা আশীৰ্বাদ আৰু কতনা খেল-ধেমালি।
পাপ বিশৃঙ্খলাৰ মনোমালিন্য সকলো অৱসান কৰি,
সমবেত হৈ নামাজ পৰি দোৱা কৰিব প্ৰাণ ভৰি।
বিনিময় কৰিব আনন্দ সুখ শান্তি আৰু সমৃদ্ধি ।।