ৰতন এজন টিউটৰ
এছ ইছলাম, শিক্ষক, বৰপেটা
ৰতন এজন টিউটৰ
সন্মান আছে তাৰ
মামাই দিছে চৰকাৰী চাকৰি
কৰ্মত নাই বিৰতি।
ৰমলাই ল’ব দামী শাৰী
শিক্ষকৰ ঘৈণী
ল’ৰাই খোজে দামী ড্ৰেছ
শিক্ষকৰ পুতেক সি।
ছোৱালীয়ে ল’ব মেখেলা-চাদৰ
শিক্ষকৰ জীয়েক তাই
লাজ পায় শ্ৰেণীত সোমালে
সমনীয়াই কয় কি?
ৰতনে যায় বজাৰ কৰিবলৈ
সতীৰ্থই লয় ৰৌ-বৰালি
ৰতনে লয় দৰিকনা-পুঠি
ৰতন এজন টিউটৰ।
সমাজ হাৰে চাদা খুজিলে
লাজত মৰি যায়
তুঁহ-জুইৰ দৰে জ্বলিপুৰি
অন্তৰ ছাই হয়
ৰতন এজন টিউটৰ।
