ৰজাদুৱাৰৰ গোসাঁই হাউলিত শাৰদীয় দুৰ্গোৎসৱ

Pc-assam.news18.com

ৰজাদুৱাৰৰ গোসাঁই হাউলিত শাৰদীয় দুৰ্গোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত শক্তি পুজাৰ বিশেষকৈ মাটিৰ প্ৰতিমা সাজি দেৱী পূজা কৰাৰ পৰম্পৰাক ৰাজ্যত প্ৰচাৰ আৰু প্ৰসাৰ কৰাত যিকেইটা গোঁসাই পৰিয়ালে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল তাৰ ভিতৰত অন্যতম এটা পৰিয়াল হ’ল ন-গোঁসাই পৰিয়াল।আহোম ৰজা স্বৰ্গদেউ লক্ষ্মীকান্ত সিংহৰ দীক্ষাগুৰু আচাৰ্য ৰমানন্দ পুষ্পাচাৰ্যাৰ পৰিয়ালটোক অসম বুৰঞ্জীৰ পাতত ন-গোঁসাই হিচাবে উল্লেখ কৰা হৈছে। শাক্ত আৰু শৈৱ পৰম্পৰাগত বিশ্বাসী এই পৰিয়াল টোৱে স্বৰ্গদেও লক্ষ্মীকান্ত সিংহৰ দিনৰ পৰাই আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমত শাৰদীয় দুৰ্গা পূজা উদযাপন কৰি আহিছিল।পৰৱৰ্তী সময়তো ৰাজ্যত ৰাজনৈতিক পট পৰিবৰ্তন হ’লেও ন – গোঁসাই পৰিয়ালত শাৰদীয় দুৰ্গা পূজা পালনৰ পৰম্পৰা নিৰবিচ্ছিন্ন ভাবে আজিও অব্যাহত আছে। মানৰ আক্ৰমণৰ সময়ত মাজুলীৰ পাহুমাৰৰ পৰা আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সৈতে ন- গোঁসাই পৰিয়ালটো নামনিলৈ পলাই আহে।ন-গোসাঁই পৰিয়ালৰ সৰুজনা গোসাঁই গংগেশ্বৰৰ বংশধৰসকলে উত্তৰ গুৱাহাটী ৰজাদুৱাৰত আহি নিগাজীকৈ থাকিবলৈ লয়।আনুমানিক ১৮২৩ চনৰ পৰা ৰজাদুৱাৰৰ গোসাঁই হাউলিত অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ।এই পুজাখন অসমৰ অতি প্ৰাচীন পুজা সমূহৰ ভিতৰত অন্যতম।বৰ্তমান এই পুজাভাগ মৌজাদাৰ প্ৰয়াত গোবিন্দেশ্বৰ গোস্বামীৰ পৰিয়ালবৰ্গ উদ্যোগত প্ৰতি বছৰে নিয়াৰিকৈ অনুষ্ঠিত কৰি অহা হৈছে। এইবেলিও ঐতিহাসিক ন-গোসাঁই দুৰ্গা পূজা পৰম্পৰাগত ধৰ্মীয় প্ৰথাৰে এইবাৰো আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে৷ন-গোসাঁই ঐতিহাসিক দূৰ্গা পূজা বলি বিধান প্ৰথা নোহোৱাকৈ শান্তিময় পৰিবেশত আয়তীৰ নাম কীৰ্তন, ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰি এক আধ্যাত্মিক পৰিবেশত সম্পন্ন কৰা হ’ব।এই ভাগ পুজাত বলি-বিধান পূৰ্বতে আছিল যদিও ১৮৮১ চনৰ পৰা এই বলি-বিধান প্ৰথাটো বন্ধ কৰা হয়। তথাপি নৱম আৰু দশমী পুজাৰ অন্তত আমিষ ভোগৰ ব্যৱস্থা কৰা হয়। দশমীত দেৱীক পাৰ মাংস আৰু পইতা ভাত ভোগ আগবঢ়াই বিসৰ্জনৰ অন্তত বিতৰণ কৰা হয়।