ৰঙৰ উৎসৱ ফাঁকুৱা- ময়ূৰাক্ষী গগৈ

pc Femina.in

ৰঙৰ উৎসৱ ফাঁকুৱা

মন উতনুৱা কৰা পছোৱা জাকে
ফাগুনৰ বতৰা দিলেহি।
ৰিঙা ৰিঙা মন,
উদং পথাৰ,লঠঙা গছে
তাকেই প্ৰমাণ কৰে।
এই ৰঙীন ফাগুনৰ পূৰ্ণিমাতে হয়
ৰঙৰ উৎসৱ ফাঁকুৱা।
প্ৰান্তে প্ৰান্তে ফল্গুৎসৱৰ প্ৰস্তুতি।
দৌলযাত্ৰা, শোভাযাত্ৰা,
সমূহীয়া হোলী খেলৰ আখৰা।
নানা ৰঙী ফাঁকুৰ ৰঙেৰে
ধনী-দুখীয়া, উচ্চ-নীচ
সকলোৰে মনবোৰ ৰঙীন হৈ পৰে।
এই উৎসৱ যে ৰঙৰ উৎসৱ।
এই উৎসৱ যে সম্প্ৰীতিৰ বাৰ্তাবাহক।
আহক আমি সকলোৱে সংকল্প লওঁ
এই অশান্ত সংসাৰত
শান্তি-সম্প্ৰীতিৰে আগবাঢ়ি যোৱাৰ।

ময়ূৰাক্ষী গগৈ