ৰঙালী বিহুটি- ময়ূৰাক্ষী গগৈ

pc Rabbi Masrur

ৰঙালী বিহুটি

প্ৰকৃতিৰ বুকুলৈ বসন্তৰ আগমন যেন
চেনেহৰ ৰঙালী বিহুটিৰ আগজাননী।
কুলি-কেতেকীয়েও তাৰেই বতৰা দিলে।
নাহৰ ফুলিল, তগৰ ফুলিল,
ফুলিল কপৌ জাত জাত।
অসমৰ চুকে-কোণে সকলোটি সাজু
বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ।
ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাতে
আকাশ বতাহ ৰজনজনাই তুলিছে।
ঘৰতো নবহে মন।
তাঁতৰ শালত শিপিনীৰ মাকো
সৰি পৰে ঘনে ঘনে।
খোপাত কপৌফুল গুজি নাচনী জনী
ঢাপলি মেলিছে বিহুৰ তলিলৈ।
ৰঙিলী আইতা জনীও ৰব পৰা নাই থিৰে।
বসন্তৰ বা জাকে যেন সকলোকে কৰিছে উন্মনা।

ময়ূৰাক্ষী গগৈ