৯/১১ৰ লেখীয়া শোকাৱহ ঘটনাৰ স্থায়ী সমাধানৰ পথ নিহিত হৈ আছে ভাৰতীয় মানৱীয় প্রমূল্যবোধতেইঃ প্ৰধানমন্ত্ৰী মোদী

pc Free Prees Journal

৯/১১ৰ লেখীয়া শোকাৱহ ঘটনাৰ স্থায়ী সমাধানৰ পথ নিহিত হৈ আছে ভাৰতীয় মানৱীয় প্রমূল্যবোধতেইঃ প্ৰধানমন্ত্ৰী মোদী

অনলাইন বাৰ্ত্তাসেৱা – ২০০১ চনৰ ১১ ছেপ্টেম্বৰত বিশ্বাস জেহাদী সংগঠন আল-কায়দাই আমেৰিকাত ভয়াৱহ আক্রমণ সংঘটিত কৰি ২,৯৭৭ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল বিশ্বৰ সবাতোকৈ শক্তিশালী দেশখনৰ। ৯/১১ৰ লেখীয়া শোকাৱহ ঘটনাৰ স্থায়ী সমাধানৰ পথ নিহিত হৈ আছে ভাৰতীয় মানৱীয় প্রমূল্যবোধতেই। এই মন্তব্য কৰে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৯/১১ হিচাপে চিহ্নিত এই ভয়াৱহ আক্ৰমণৰ ২০সংখ্যক বাৰ্ষিকীৰ প্ৰসংগৰে প্ৰধানমন্ত্রী মোদীয়ে চৰ্দাৰধাম মুকলি কৰি স্বামী বিবেকানন্দৰ ভাষণক দোহাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১১ ছেপ্টেম্বৰ এই কাৰণেই গুৰুত্বপূৰ্ণ যে ১৮৯৩ চনত স্বামী বিবেকানন্দই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত প্ৰদান কৰা বক্তৃতাত ভাৰতৰ মানৱীয় প্ৰমূল্যবোধৰ বিষয়ে বিশ্ববাসীক শিক্ষণ দিছিল। স্বামী বিবেকানন্দই ঐতিহাসিক ভাষণত ভাৰতীয় সংস্কৃতিৰ গৰিমা সুন্দৰভাৱে বৰ্ণনা কৰিছিল। এই ভাৰতীয় প্ৰমূল্যবোধৰ সমান্তৰালকৈ বিশ্ববাসীৰ বাবে ৯/১১ এই কাৰণেই মনত ৰাখিবলগীয়া যে এই দিনটোতেই আমেৰিকাত মানৰ জাতিৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। এই দিনটোতেই স্বামী বিবেকানন্দই মানৱীয় প্ৰমূল্যবোধৰ বিষয়ে বিশ্বক অৱগত কৰিছিল।

(UD.)