৯ নৱেম্বৰৰ পৰা আইনী সেৱা সপ্তাহ পালন

৯ নৱেম্বৰৰ পৰা আইনী সেৱা সপ্তাহ পালন

দিছ্পুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণ, কামৰূপ()ৰ দ্বাৰা আইনী সজাগতা আৰম্ভ কৰা হয় অহা নৱেম্বৰ,২০২৩ তাৰিখে উদযাপন হবলগীয়া আইনী সেৱা সপ্তাহ পালনৰ প্ৰাকক্ষনত জিলাখনত আগতীয়াকৈ আইনী সজাগতা আৰু প্ৰচাৰৰ কাৰ্যসূচী হাতত লোৱা হৈছে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত যোগাযোগ কৰাৰ লক্ষ্যৰে সজাগতা সৃষ্টিৰ বাবে ভ্ৰাম্যমান বাছ সেৱাৰ দ্বাৰা আগতীয়াকৈ কাৰ্যসূচী অনুস্থিত কৰা হৈছে লগতে বিনামূলীয়া আইনী সাহায্য সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰা হৈছেএনেধৰনে আগতীয়াকৈ লোৱা কাৰ্যসূচীয়ে জনসাধাৰণৰ মাজত আগ্ৰহ সৃষ্টি কৰাৰ লগতে সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে অহা নৱেম্বৰ,২০২৩ তাৰিখে অৰ্থাৎ আইন সেৱা দিৱসৰ দিনটোত জিলা আইন সেৱা প্ৰাধিকৰণ, কামৰূপৰ দ্বাৰা আৰু ৰঙিয়া মহকুমা (তালুক)আইন সেৱা সমিটিৰ সহযোগত ভ্ৰাম্যমান বাছ সেৱাৰ জৰিয়তে সমগ্ৰ কামৰূপ জিলাত এনেধৰনৰ সজাগতা কাৰ্যসূচী ৰূপায়নৰ পৰিকল্পনা কৰা হৈছে