৭১ সহস্রাধিক চাকৰি প্ৰাৰ্থীক ভিডিঅ’ কনফাৰেঞ্চযোগে নিযুক্তিপত্র প্রদান প্রধানমন্ত্রীৰ

৭১ সহস্রাধিক চাকৰি প্ৰাৰ্থীক ভিডিঅ’ কনফাৰেঞ্চযোগে নিযুক্তিপত্র প্রদান প্রধানমন্ত্রীৰ

গুৱাহাটীত ৩৩৫গৰাকীক নিযুক্তিপত্ৰ প্রদান কৰিলে কেন্দ্রীয় মন্ত্রী সর্বানন্দ  সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘ৰোজগাৰ মেলা’ আঁচনিৰ অধীনত দেশজুৰি ৭১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্র প্রদান কৰে। ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি নতুনকৈ নিযুক্তি লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ এই চাকৰি প্ৰাৰ্থীসকলৰ মাজত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিয়োগ পত্র বিতৰণ কৰে ।দেশজুৰি ৪৫ স্থানত এই ‘ৰোজগাৰ মেলা’ আয়োজন কৰা হয়। প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে বিগত ডেৰ বছৰৰ ভিতৰত প্রায় ১০ লাখ যুৱক- যুৱতীয়ে স্থায়ী নিযুক্তি লাভ কৰিছে। ৰোজগাৰ মেলাত এই নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে হাজাৰ হাজাৰ তৰুণ-তৰুণীৰ বাবে দেশত এয়া নতুন আৰম্ভণী। তৰুণ-তৰুণীসকলৰ দীৰ্ঘদিনীয়া সপোন সত্যত পৰিণত হোৱা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, কঠোৰ অধ্যৱসায়ৰ ফলত চৰকাৰী এই চাকৰি তৰুণ-তৰুণীসকলে লাভ কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিযুক্তি পত্ৰ বিতৰণ কৰি চাকৰি লাভ কৰা তৰুণ- তৰুণীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী এই ৰোজগাৰ মেলাক সম্বোধন কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত সদৰী কৰা অনুসৰি দেশজুৰি ৪৫ স্থানত এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় তথা বিভিন্ন বিভাগত নিযুক্ত হ’ব এই নতুন চাকৰিয়ালসকল। স্মর্তব্য যে বিভিন্ন মন্ত্রালয় তথা বিভাগত শীঘ্রে নিয়োজিত হ’ব এই নতুন চাকৰিয়ালসকল। লক্ষণীয়ভাবে গৃহ মন্ত্রালয়, ডাক বিভাগ, উচ্চ শিক্ষা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয় তথা বিত্ত বিভাগো আছে এই নতুন নিযুক্তিৰ আওতাত। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি-পত্ৰ বিতৰণ কৰে। গুৱাহাটীৰ ৰোজগাৰ মেলাত মুঠ ৩৩৫ জন প্রার্থীক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। গুৱাহাটীৰ ৰোজগাৰ মেলা অনুষ্ঠানত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু সংস্থাপনত যথেষ্ট গুৰুত্ব দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুসৰি দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ লাখ লাখ যোগ্য যুৱক-যুৱতীয়ে ৰোজগাৰ মেলাত যোগদান কৰিছে। অসম তথা উত্তৰ-পূবৰ বহু যুৱক-যুৱতীয়ে এই ৰোজগাৰ মেলাৰ জৰিয়তে নিযুক্তি লাভ কৰিছে।এখন এক ভাৰত, শ্রেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল’ব লাগিব। ভাৰত এতিয়া এখন দ্রুত উন্নয়নমুখী দেশ, যি বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত আমি ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিব লাগিব। কংগ্ৰেছৰ শাসনকালত নিযুক্তি অবিহনে যুৱপ্ৰজন্ম হতাশগ্রস্ত, দিশহাৰা হৈছে। কাৰণ কংগ্ৰেছৰ দিনত মেধাৰ ভিত্তিত তথা যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াৰ কোনো স্থান নাছিল। কেবল দুর্নীতি-ভ্রষ্টাচাৰে কলুষিত কৰিছিল চৌদিশ। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া নিযুক্তি প্রক্রিয়া শৃংখলাবদ্ধ আৰু স্বচ্ছ কৰি তোলা হৈছে। যাৰ বাবে এতিয়া যুৱপ্ৰজন্মই যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।