৬ ডিচেম্বৰ, আম্বেদকাৰৰ মৃত্যু তিথি – ইকবাল হুছেইন

৬ ডিচেম্বৰ, আম্বেদকাৰৰ মৃত্যু তিথি

ইকবাল হুছেইন, মৈৰাবাৰী 

স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰে আজিৰ এই দিনটোতে পৰলোকগমন কৰে। পৃথিবীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ পৱিত্ৰ সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰ একেধাৰে এগৰাকী আইনজ্ঞ, উৎকৃষ্ট শিক্ষক, আপোচহীন লেখক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, পণ্ডিত-দাৰ্শনিক, সাহসী বক্তা তথা নিপুণ ৰাজনৈতিক নেতা আছিল। তেওঁ স্বতন্ত্ৰ ভাৰতৰ মন্ত্ৰীসভাত প্ৰথম আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘুৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। বোম্বাই বিধান সভাৰ সদস্য নিৰ্বাচিত হোৱা ড০ ভীমৰাও আম্বেদকাৰ দখলদাৰ বৃটিছ চৰকাৰৰ দ্বাৰা যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত হৈছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য মনোনীত হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী হিচাপেও নিযুক্ত হৈছিল। জাতীয় সংবিধান সভাৰ সদস্য নিৰ্বাচিত হৈ ১৯৪৭ চনত তেওঁ দেশৰ পৱিত্ৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটীৰ সভাপতিৰ দ্বায়িত্বভাৰ লাভ কৰি ভাৰতীয় সংবিধান ৰচনা কৰিছিল। আজি সেইখন সংবিধানৰ গন্ডিৰ ভিতৰত থাকি ভাৰত ৰাষ্ট্ৰ পৰিচালিত হৈ আছে। উদাৰ, নিৰপেক্ষ তথা বহল মনৰ এইগৰাকী মহান ৰাষ্ট্ৰনেতা ড০ ভীমৰাও আম্বেদকাৰে পৱিত্ৰ সংবিধানৰ জৰিয়তে দেশত বসবাস কৰা প্ৰতিটো জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকক সম অধিকাৰ, সম মৰ্যদা আৰু সম বিকাশ সুনিশ্চিত কৰি গৈছিল। কদাপি ধৰ্ম, জাত-পাতৰ ৰাজনীতিক প্ৰশ্ৰয় নিদিয়া বাবাচাহেব আম্বেদকাৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। প্ৰসংগত উল্লেখ্য যে সাম্প্ৰতিক সময়ত বাবাচাহেব আম্বেদকাৰৰ নেতৃত্বত ৰচিত দেশৰ পৱিত্ৰ সংবিধানখনক পদে পদে অবমাননা কৰা হৈছে। একাংশই ধৰ্ম, জাত-পাতৰ ৰাজনীতি আৰম্ভ কৰিবলৈ লৈছে। ধৰ্মীয় মেৰুকৰণেৰে দেশৰ পৱিত্ৰ সংবিধানখনক কলুষিত কৰিব বিচৰা হৈছে। প্ৰতিনিয়ত হিন্দু-মুছলমান কৰি কৰি পৃথিৱীৰ সৰ্ববৃহৎ সমাজবাদী, ধৰ্মনিৰপেশ, গণতান্ত্ৰিক, সাৰ্বভৌম গণৰাজ্য ভাৰতবৰ্ষক অস্থিতিশীল কৰাই নহয় ড° আম্বেদকাৰৰ সপোনৰ সংবিধানখনকো অপমান কৰা হৈছে। যদি এই ধাৰা অব্যাহত থাকে তেন্তে সংবিধানখনৰ দ্বাৰা আইনৰ শাসন চলা ভাৰতবৰ্ষৰ এদিন বিশ্ব দৰবাৰত কালিমালিপ্ত হ’ব।