৫ নৱেম্বৰ ২০১১
মইনুল হক
” অ বিদেশী বন্ধু দুৰ্ভগীয়া
আজি কিয়নো বন্ধু অকলশৰীয়া “
চিতাৰ ওপৰত গান
জ্বলিছে দাউ-দাউকৈ
যাযাবৰি শিল্পী জনা আজি ক্লান্ত ।
নিতালে নিমাতে
জিৰাবলে লৈছেহি চন্দন কাঠৰ দলিচাত ॥
সকলোকে কন্দুৱাই গান হৈ উৰি গল
উভতি নহাৰ প্ৰতিশ্ৰুতিৰে
মহাবাহুৰ পৰা মিচিছিপি
উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম লৈ
থমকি ৰল এটি জনকন্ঠ
অশ্ৰু বানেৰে সেমেকা লুইতৰ দুয়ো পাৰ ॥
নিঠৰুৱা হলো আমি
কোনে গাব জাতিক জগোৱা গান
“আমি অসমীয়া নহও দুখীয়া “
হে সুধাকন্ঠ,
তুমি অমৰ, তুমি চিৰন্তন
প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু
তোমালৈ যাচিছো শত-সহস্ৰ সশ্ৰদ্ধ প্ৰণাম ॥