ডঃ ভূপেন হাজৰিকাৰ সংগীতত মানৱতাবাদ – নাছিৰ আহমেদ

ডঃ ভূপেন হাজৰিকাৰ সংগীতত মানৱতাবাদ
নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা
ডঃ ভূপেন হাজৰিকা এগৰাকী মানৱতাবাদৰ জয়গান গোৱা মহান শিল্পী। তেওঁৰ সংগীতত মানৱতাবাদৰ এটি সুৰ প্ৰতিফলিত হৈছে।   তেওঁ সংগীতৰ মাজেৰে দাৰিদ্ৰ্য-ক্লীষ্ট জীৱন নিৰ্বাহ কৰা দুখীয়া-নিছলা-প্ৰপীড়িত মানুহৰ দুৰ্বিসহ যন্ত্ৰণাৰ কৰুণ ছবি ফুটি উঠিছে। নিঃসন্দেহে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই মানুহৰ দুখ-কষ্ট , দাৰিদ্ৰ্য বা শোকলগা পৰিস্থিতিৰ কৰুণ চিত্ৰ দাঙি ধৰাত এজন অদ্বিতীয় শিল্পী।
” কাৰ কপালত সেন্দুৰো মচা গ’ল , ” কোন মাতৃৰ বুকু শুদা হ’ল “, ৰুগীয়া আয়ে চাগে”, ৰখি আছে বাঢ়ি লৈ দাইল ভাত দুয়োৰো আমাৰ”, এইবাৰ বিহুতে মোৰহে ল’ৰাটিক নিদিলোঁ সুতাৰে চোলা “, তোৰ ঘাম ভৰা নঙঠা পিঠি তপত ৰ’দত যায় ফাটি –“তথাপি নাই তাৰ গুণ গাওঁতা ” আদি সৰল ভাষাৰ মাধ্যমেৰেই তেওঁ মানৱ মনত কৰুণ ৰসেৰে সিক্ত কৰি তুলিছে। ডঃ ভূপেন হাজৰিকাৰ সংগীতৰ মাজেৰে কেৱল দুখীয়া মানুহৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাছিল  ; তেওঁ বিচাৰিছিল দুখীয়াৰ প্ৰতি সকলৰে সক্ৰিয় অংশ গ্ৰহণ কৰা। ” দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত, তুমি হেৰুৱানো কি ?” , ” স্নেহেই আমাৰ শত শ্ৰাৱনত ধাৰাসাৰ বৃষ্টিৰ প্লাবন আনে ” , ” অগণন মানৱৰ শান্তি সমদল, সৃষ্টিকামী জীৱন্ত “,” জাগি উঠা মানৱে হেজাৰ চিঞৰ মাৰে”, ” কাহিনী এটা লিখা সেৱাৰ বিষয়ে” আদি সংগীতত মানৱতাবাদৰ আশাপূৰ্ণ অনুভৱ সুন্দৰকৈ ফুটি উঠিছে।
 মানৱীয় কোমলতা ভূপেন হাজৰিকাৰ সংগীতৰ সৌন্দৰ্য্যৰ আধাৰ-স্বৰূপ। এই যুগৰ মানৱতাবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা নতুন নতুন চিন্তাধাৰাৰ উন্মেষ ঘটিছে তেওঁৰ সংগীতত।  অসমীয়া ভাষাৰ কোমলতাৰে ঢুকি পোৱা এনে চিন্তাধাৰাৰ মাজেৰে স্বতঃস্ফূৰ্ত ভাবে প্ৰকাশ কৰা তেওঁৰ গীতৰ কোমল অসমীয়া ভাষা আৰু গীতৰ মাধুৰ্যৰ ৰস পান কৰি আন্তৰ্জাতিক মান্যতা লাভ কৰিছে । তেওঁৰ গঙ্গা মোৰ মা ,পদ্মা মোৰ মা , গীতটি অসমীয়া ভাষাত আৰু ” গংগা আমাৰ মা,পদ্মা আমাৰ মা ” বঙালী ভাষাত গোৱা গীতটি শুনি লণ্ডনৰ এলবাৰ্ট হ’লৰ সকলো শ্ৰোতাৰ দুচকুৱেদি বাৰিষাৰ বান নামিছিল। বিশ্ব যুৱ মেলাত ” সাগৰ সঙ্গমত কতনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত” । সেইদৰে মানুহে মানুহৰ বাবে যদি অকণো নেভাৱে,ভাৱিব কোৱা ? গীতবোৰৰ ঝংকাৰত   গোটেই বিশ্বজুৰি মানুহৰ হৃদয়-মনত মানুহৰ প্ৰতি সমবেদনা বা অনুকম্পা সৃষ্টি হৈছে আৰু মানৰ প্ৰেমৰ অমিয়া সুৰ পান কৰি বিশ্বৰ সকলো মানুহেই অভিভূত হৈ পৰিছে। প্ৰধানকৈ ” মানুহে মানুহৰ বাবে ——” এই গীতটোৰ সুৰত আমেৰিকাৰ অতি জনপ্ৰিয় লোকগীত ” Hang down your head Tom Dooley,Hang down your head and cry ” গীতটোৰ সুৰ আৰু কোমলতা ধ্বনিত কৰি তেওঁ ইয়াক বিশেষ সাৰ্বজনীন ৰূপ দিছে। তেওঁ গোৱা মানৱতাবাদী অসমীয়া গীতসমূহৰ বঙালী ৰূপান্তৰিত গীতসমূহ লৈ বঙালী লোকসকলে গৌৰৱ অনুভৱ কৰে । তেওঁলোকে গৰ্ব কৰি ” আমাদেৰ ভূপেন দা’ বুলি সম্বোধন কৰে। বাংলাদেশৰ চৰকাৰে ডঃ ভূপেন হাজৰিকাদেৱক মুক্তিযোদ্ধা হিচাপে সন্মান প্ৰদৰ্শন কৰিছে।
ডঃ ভূপেন হাজৰিকাৰ মানৱতাবাদ আৰু মানৱ প্ৰেম গীতত নানা ৰূপত প্ৰকাশ হৈছে : ” কি লুইতৰ দুই পাৰৰ” ,” কত মানুহ,কত যে ইতিহাস” হওক, কি ” ৰংমনৰ কঠিয়াতলীৰ বেথা” হওক বা চিত্ৰলেখাই অঁকা  ‘ চিন্তানায়কে’ ই হওক তেওঁৰ গীতত মানুহ, মানুহৰ সৌন্দৰ্য্য- সৌৰ্য-বীৰ্য বা মানুহৰ সৃষ্টি যেতিয়াই তেতিয়াই যতে ততে ভূমুকি মাৰে।  তথাপি তেওঁৰ মানৱতাবাদী গীতসমূহ তলত দাঙি ধৰিবলৈ প্ৰয়াস কৰিম।
১৯৬০ -৬১ চনত ভাষা আন্দোলনৰ সময়ত অসমীয়া আৰু বঙালী মানুহৰ মাজত হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত গাইছিল ,—           মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে  অকণি সহানুভূতিৰে  ভাৱিব কোনেনো কোৱা , সমনীয়া ? ” ১৯৭১ চনত তেওঁ গাইছিল সমন্বয়ৰ গান,
গঙ্গা মোৰ মা, পদ্মা মোৰ মা
মোৰ চকুলোৰ দুটি ধাৰা মেঘনা যমুনা
একেই আকাশ একে বতাহ
দুই কলিজাত একে উশাহ
দুটি চৰাইৰ দুটি মাতৰ একে মূৰ্চ্ছনা
অ’ মোৰ চকুলোৰে দুটি ধাৰা মেঘনা যমুনা । “
শীতৰে সেমেকা ৰাতিত ভগা পঁজাত থকা দুখীয়াৰ দুখৰ বৰ্ণনা কৰিছে, এনেদৰে —
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ। “
এই গীতটিৰ যোগেদিয়েও অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাকাৰ কৰা কৃষক-বনুৱাৰ প্ৰতি ডঃ ভূপেন হাজৰিকাই সহানুভূতি প্ৰদৰ্শন কৰা দেখা যায়।  ১৯৬৪ চনত কলিকতাত অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰা মানুহক লক্ষ্য কৰি ভূপেন হাজৰিকাই গাইছে,–
হেজাৰ জনৰ বেজাৰ দেখি
“বন্ধু তুমি হয়তো পালা
মাথোঁ অৱহেলা
সেয়ে মোৰো অলপ হাঁহিৰ
অংশ তুমিও পালা । “
১৯৫৪ চনত ছয়গাঁওত কৃষক সন্মিলনত তেওঁ গাইছিল,–
” ভৰ বাৰিষাৰ বানে
খহাই নিলে গাঁও
পাৰতে উঁচুপি কান্দে
দুখীয়াৰ ছাও।
বানপানীয়ে ঘৰৰ চালে
পানী কাটি নিয়ে
আহুধানৰ আলিটিৰ
ভেটা ভাঙি দিয়ে । “
খৰাং বিহাৰৰ অভাৱনীয় দুৰ্দশা দেখি গাইছিল,–
” ওঠৰশ ছয়সত্তৰৰ মন্বন্তৰ
আতঙ্ক পুনৰ যেন আহিলে
হাজাৰীবাগৰ হেজাৰ বাগত
কিহে সেউজ কঠিয়া দহিলে।
যেনিয়ে চকু যায় হিয়া দহি যায়
পালামৌৰ আকাশত মেঘ নাই
হেজাৰ মুমূৰ্ষু শিশুৰ বাবে
অসহায়া মাতৃয়ে অশ্ৰু পেলায়।।
জাগ্ৰত মানুহৰ ছাঁ দেখি গীতৰ মাজেদি তেওঁ মানুহক আশাৰ বাণী শুনাইছে ,–
জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়
দিনে ৰাতিয়ে উচপ খোৱা!
আলসুৱা আকাশত কুঁৱলীৰ মুখা পিন্ধা
ৰামধেনু কেলেই খেদি যোৱা
ধূলিৰ ধৰাত সৰগ ওপজে
নতুন ৰহণ পোৱা
আলিটিৰ আশে-পাশে মানুহ দেখিবা
পদাঘাত নেওচি যোৱা । “
ঐ নিলাজ পাহাৰ গীতৰ মাজেদি আকৌ ব্যৰ্থ জীৱনৰ ঘাত-প্ৰতিঘাত ধুনীয়াকৈ ফুটি উঠিছে।
তোৰ বুকুত আছিল হেনো ৰূপ ৰূপালী
হেনো, কলিজা খান্দিলে পায় সোণ সোণালী
সোণ খান্দি নিব তই ৰূপো হেৰুৱালি
বালিচন্দা মাথোঁ তই বুটলিলি।”
ডঃ ভূপেন হাজৰিকাই প্ৰতি মুহূৰ্তে অনুভৱ কৰিছে যে,
” মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ!
গীতৰ সভাত তুমিয়েতো প্ৰধান অলঙ্কাৰ ,
প্ৰয়াস কৰো—- তোমাৰ মুখত হাঁহি বিলাবলে’
প্ৰয়াস কৰো — তোমাৰ দুখত সচাঁই কান্দিবলে’
তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈ গীত ৰচো
ব্যক্তসমূহৰ হৈ সুৰৰ শৰাই যাচো।
(সেয়ে) গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ। “
মোৰ গীতৰ হেজাৰ শ্ৰোতা”
গীতৰ মাজেদি ডঃ ভূপেন হাজৰিকাই যেন সাধাৰণ মানুহৰ মাজত নিজকে সম্পূৰ্ণ ৰূপে বিলীন হৈ পৰিছে। মানৱতাবাদী সুৰকাৰ, গীতিকাৰ,গায়ক, বিশ্ব-বিশ্ৰুত শিল্পী,অসমৰ পল ৰবচন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱসত ( ২০১১ চনৰ ৫ নৱেম্বৰত) তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।
error: Content is protected !!