৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একলম- লখিমী শৰ্মা 

Pc The Indian Express
Pc The Indian Express
সেউজীয়া পৃথিৱী আমাৰ লক্ষ্য অহা কাইলৈ ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে  বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিব ! বৰ্তমান সময়ত গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে , ইয়াৰ মূল কাৰণ হৈছে বনাঞ্চল ধ্বংসৰ ফলস্বৰূপে ।  এই সকলোবোৰ ঘটনাৰ লগত জড়িত হৈ আছোঁ আমি জীৱশ্ৰেষ্ঠ মানৱ জাতি । আজি কিয় অলপমান উষ্ণতা বৃদ্ধি হ’লেই আমি সম্পূৰ্ণ মানৱ জাতিটোৱে কিয় চৌদিশে চিঞৰ বাখৰ কৰিছোঁ কাৰণ আমিবোৰে নিজৰ চাহিদা পূৰণত হে ব্যস্ত হৈ পৰিছোঁ । এই কথা পাহৰি পেলাইছোঁ যে গছ থাকিলেহে মানুহ থাকিব । এই ধুনীয়া ধৰণীখন জধে মধে কাটি গছ – গছনি নোহোৱা কৰি দিয়াৰ ফলত আজি জীৱ – জন্তুৰ পৰা ধৰি মানুহেয়ো শান্তিত থাকিব নোৱাৰা হৈছোঁ । গছ – গছনিবোৰ কাটি দিয়াৰ ফলত জীৱ – জন্তুয়ে অনাই বনাই ঘূৰি ফুৰিব ধৰিছে খাদ্য বিচাৰি হাহাঁকাৰ কৰিছে মানুহৰ ঘৰত সোমাই মেলি । গৰমৰ প্ৰকোপত থাকিব নোৱাৰা হৈছে আজি মানুহ , ইয়াৰ কাৰণ কি হ’ব পাৰে বাৰু ! প্ৰকৃতিৰ ওপৰত চলোৱা এই অত্যাচাৰৰ বলি হ’ব লগা হৈছে আজি মানৱ জাতি । কিছু কিছু ক্ষেত্ৰত দেখা পোৱা যায় যে , কিছুমানলোকেহে  গছ – গছনিৰ  প্ৰতি গুৰুত্ব , দায়িত্ব পালন কৰা দেখিবলৈ পোৱা যায় । বৃক্ষ ৰোপন কৰিলেই নহ’ব ! গছ জোপা ৰোপন কৰিলেই জানো আমাৰ দায়িত্ব সম্পূৰ্ণ হ’ব ! গছ জোপা ৰুই দিয়াৰ পিছত গছ জোপাৰ প্ৰতিৰক্ষা আৰু প্ৰতিপালনৰো দায়িত্ব ল’ব লাগিব ।  বিশ্ব পৰিৱেশ দিৱসৰ দিনা বুলিয়েই নহয় ! যিকোনো সময়ত বৃক্ষৰোপন কৰক । ধুনীয়া ধৰণীখনৰ ওপৰত আৰু অত্যাচাৰ নকৰিব । বৰ্তমান সময়ত মেল মিটিং , সভাসমূহত প্ৰায়ে  বিভিন্ন ব্যক্তিয়ে বৃক্ষৰোপন কৰা কাৰ্যসূচী দেখিবলৈ পোৱা যায় । বৃক্ষৰোপন কৰি থৈ গলেই জানো দায়িত্ব সমাপ্ত হয় তেওঁলোকে ৰোপন কৰা সেই পুলিটোৰ দায়িত্ব স্থানীয় কোনো লোক বা ব্যক্তিৰ হাতত অৰ্পণ কৰিব লাগে ।
বিশেষ প্ৰয়োজন সাপেক্ষে এজোপা গছ কটাৰ পৰিৱৰ্তে দুজোপা গছপুলি ৰোপন কৰি সেউজীয়া পৃথিৱীখনক আৰু জীপাল কৰি তোলাৰ উদ্যমেৰে আগবাঢ়ি যাব লাগে আমিবোৰে ।  ধুনীয়া ধৰণীখনক আৰু ধুনীয়া কৰি তুলিম বুলি সংকল্প লওঁ আহক আমি সকলোৱে মিলি একেলগে  । । । ।
গছে  গছে  পাতি  দিলে
ফুলৰে শৰাই কি ৰাম ৰাম
ফুলৰে শৰাই ফুলৰে শৰাই
গছে  গছে  পাতি  দিলে
ফুলৰে শৰাই কি ৰাম ৰাম
ফুলৰে শৰাই ফুলৰে শৰাই
কলীয়া ভোমোৰা
গুঞ্জৰী আহে ,
কলীয়া ভোমোৰা
গুঞ্জৰী আহে ,
গোন্ধকে ধিয়াই ,
ৰাম ৰাম গোন্ধকে ধিয়াই
গোন্ধকে ধিয়াই ,
কোনে গোলাপী সখীক
চেনেহ আঁকি দিলে
ৰূপতে ৰঙে চৰায় ,
কোনে গোলাপী সখীক
চেনেহ আঁকি দিলে
ৰূপতে ৰঙে চৰায় ,
ওৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলেহি বিলাই ,
ওৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলেহি বিলাই ,
গছে  গছে  পাতি  দিলে
 ফুলৰে শৰাই কি ৰাম ৰাম
ফুলৰে শৰাই ফুলৰে শৰাই
লখিমী শৰ্মা 
 যোৰহাট