৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত কেন্দ্ৰৰ

Pc the Janambhumi

৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ল’লে ৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত।এতিয়াৰে পৰা চত্তিশগড়, কৰ্ণাটক, তামিলনাডু, হিমাচল আৰু উত্তৰ প্ৰদেশৰ ১২ জনগোষ্ঠীয়ে লাভ কৰিলে জনজাতিকৰণৰ সুবিধা। ছত্তীশগড়ৰ ১২ টা জনগোষ্ঠীক,হিমাচল প্ৰদেশতৰ চিৰমৌৰ জিলাৰ ট্ৰেন্স-গিৰি অঞ্চলৰ হাট্টী সম্প্ৰদায়ক,তামিলনাডুৰ নাৰিকোৰাভান আৰু কুৰি ভিক্কৰণ সকলক,কৰ্ণাটকৰ কাদু কুৰুবাৰ অৰ্থাত বেট্টা-কুৰুবক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।কেৱল বাদ পৰিল অসম।কেন্দ্ৰই পুনৰ এবাৰ জনজাতিকৰণৰ নামত এলাগী কৰিলে অসমক।কেন্দ্ৰীয় চৰকাৰে এতিয়া ৫ খন ৰাজ্যৰ অনুসূচীত জনজাতিৰ তালিকা সংশোধনৰ বাবে পৃথক পৃথক বিধেয়ক উত্থাপন কৰিব।সংবিধানৰ অনুসূচিত জনজাতি আদেশ, ১৯৫০ সংশোধন কৰি জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা দিবলৈ সংসদত বিধেয়ক উত্থাপন কৰা হ’ব।বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত নতুনকৈ অন্তৰ্ভুক্ত সকলে চৰকাৰী আঁচনিৰ অধীনত লাভালাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।কিন্তু অসমৰ ৬ জনগোষ্ঠীলৈ নাহিল কোনো সুখবৰ।আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী বঞ্চিত হ’ল।পুনৰ প্ৰতাৰিত হ’ল জনজাতিৰ মৰ্যাদা দাবী কৰি অহা অসমৰ ৬ প্ৰধান জনগোষ্ঠী।কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবে বঞ্চিত হ’ল মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোক।কেইবা দশক ধৰি জনজাতিৰ মৰ্যাদা দাবী কৰি অহাৰ পিছতো অসমৰ এই ৬ জনগোষ্ঠীয়ে আজি পৰ্যন্ত লাভ নকৰিলে জনজাতিৰ মৰ্যাদা।উল্লেখ্য যে, অসমৰ ছয় জনগোষ্ঠীক লৈ অসম চৰকাৰৰ প্রতাৰণা।বিধানসভাত বুধবাৰে উত্থাপন হৈছিল অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগ।অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়া এতিয়াও কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন।মন্ত্রী গোটৰ প্রতিবেদন আজিও কেন্দ্রলৈ প্রেৰণ কৰা নহ’ল।কেন্দ্রীয় চৰকাৰৰ লগত এই সন্দৰ্ভত কোনো যোগাযোগো কৰা নাই ৰাজ্য চৰকাৰে।