৪২ সংখ্যক সদৌ অসম ভিত্তিত লোকগীত আৰু বৰগীতৰ চলন্ত শ্বিল্ড প্ৰতিযোগিতাৰ সফল সামৰণি
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- উপৰহালী দখলা শ্ৰী শ্ৰী বুঢ়াগোসাঁই হৰিহৰ লোকসংগীত, সংগী দলৰ উদ্যোগত ৪২ সংখ্যক সদৌ অসম ভিত্তিত লোকগীত আৰু বৰগীত চলন্ত শ্বিল্ড প্ৰতিযোগিতা খনি ৭ মাঘ অৰ্থাৎ ২১ জানুৱাৰীত দখলা পাহাৰস্থিত শ্ৰী শ্ৰী বুঢ়াগোসাঁই মন্দিৰ প্ৰঙ্গনত সফল সামৰণি হয় ।কাৰ্যক্ৰমণিকানুসাৰে ৰাতিপুৱা ৭-৩০ বজাত পতাকা উত্তোলন, ৮-০০ বজাত স্মৃতি তৰ্পণ,পুৱা ৯-০০ বজাত বন্তি প্ৰজ্বলন ১০-০০ বজাত বৃক্ষৰোপণ,১২-০০ বজাত কুশল দেৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰে লোকগীতৰ ওজা বংশীধৰ দাসে।মুখ্য অতিথি হিচাপে ভাষণ ৰাখে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ।আনহাতে ১-০০ বজাত প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে লোকগীতৰ ওজা বংশীধৰ দাসে।উল্লেখ্য যে লোকগীত আৰু বৰগীত প্ৰতিযোগিতাত বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত ১ম,২য় আৰু ৩য় স্থান দখল কৰা সমূহ প্ৰতিযোগীসকল চলন্ত শ্বিল্ড, বঁটা আৰু মাননি প্ৰদান কৰা হয় ৷ বিচাৰক মণ্ডলীৰ দায়িত্বত থাকে মঃ কুতুবুদ্দিন আহমেদ,মুনিন্দ্ৰ দাস, আৰু মঃ মন্টু আলী ৷ লোকগীত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে নিবেদিতা দাসে, দ্বিতীয় স্থানত হিয়াশ্ৰী দাসে, তৃতীয় স্থান লাভ কৰে মানমেন্দ্ৰ দাসে লগতে নিচুকনি বঁটা পায় দিয়ামণি কাকতিয়ে ৷ বৰগীত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে মামনি দাসে, দ্বিতীয় স্থানত থাকে নিখিতা শৰ্মা আৰু তৃতীয় স্থান দখল কৰে বৃষ্টি তালুকদাৰে।