৩১ ডিচেম্বৰৰ পাটী কিমানদূৰ গ্ৰহণযোগ্য ?
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
মানুহ সমাজপ্ৰিয় জীৱ । সমাজৰ লগত আমাৰ ওত:প্ৰোত সম্পৰ্ক বিৰাজমান। সেয়ে সমাজত সকলোৰে লগত খাপ খাই চলিবলৈ অৰ্থাৎ সমাযোজনৰ স্বাৰ্থে আনৰ ৰীতি-নীতি, আচাৰ – অনুষ্ঠানবোৰ আমি সমাহণৰ যোগেদি আপোন কৰি লওঁ।কিন্তু সাম্প্রতিক আধুনিকতাৰ প্ৰবাল সোঁতত যেন পশ্চিমীয়া সংস্কৃতিয়ে সমাজত আমাৰ সংস্কৃতি , পৰম্পৰা ৰক্ষাৰ পথত অশ্বখুৰা হ্ৰদৰ সৃষ্টি কৰিছে । যাৰ ফলত আমৰ হেঁপাহৰ উৎসৱবোৰ পালনৰ ক্ষেত্ৰতো পাশ্চাত্য ধ্যান- ধাৰণাই গা কৰি উঠিছে । আমি আমাৰ স্বকীয় সংস্কৃতি , পৰম্পৰাগত উৎসৱ বিহু , উৰুকা পালন কৰাতকৈ ৩১ ডিচেম্বৰৰ ৰাতিৰ পাৰ্টী খুব ধুমধামেৰে পালন কৰো । ‘ 31st December Night ‘ বুলি ক’লে যেন আমি বলিয়া ! সেইদিনা গভীৰ নিশালৈ সুৰা বিপনীৰ দোৱাৰে স্বাগতম জনাই ধনী দুখীয়া সকলোকে সহৃদয়ে ; আইন প্ৰশাসনে ক’লা চচমাযোৰ লগাই আৰামী দলিচাত শুই দিয়ে ।
এইফালে একাপ গাখীৰ খোৱাৰ পইচা নাথাকিলেও বা দৰিদ্রলোকক সহায় কৰাৰ বন্ধু নাথাকিলেও মদৰ কাপটো মুখলৈ তুলি দিয়াৰ হাতৰ অভাৱ নাই! আজি-কালি গ্ৰাম্যাঞ্চলতো পশ্চিমীয়া ধ্যান – ধাৰণাৰ , বা বলিছে । পৰম্পৰাগত ৰীতি – নীতিৰ খেতিডৰাত যেন বিষাক্ত কীটে ছানি ধৰিছে ! গৃহিনীয়ে একুবু আশা পালি হাঁহ- কুকুৰা , পাৰ পোহে ; বিহুত ল’ৰা – ছোৱালীৰ মুখত কেইটামান পিঠা তুলি দিবলৈ এযোৰ নতুন সাজ কিনিবলৈ । কিন্তু পত্নীৰ অলক্ষিতে গৰাল উদং কৰি সেইবোৰ বিক্ৰী কৰি স্বামীয়ে মদৰ নিচাত মাতাল হ য় । মদাহী লগৰীয়াৰ লগত স্ফূৰ্তিৰ গইনা লৈ জুৱাত মত্ত হৈ থাকে । ৰাতিপুৱাই নিচা এৰাৰ পিছত ঘৰলৈ গৈ পত্নীক অত্যাচাৰ কৰে , এনেকৈ বহুত নাৰী ঘৰুৱা নিৰ্য্যাতনৰ বলি হয় ।
তাৰোপৰি , এচামে মদৰ নিচাত মাতাল হৈ তীব্ৰগতিত গাড়ী চলাই দূৰ্ঘটনাৰ স্বীকাৰ হয় । অনাকাংক্ষিত বিপদ মাতি আনে নিজৰ লগতে আনৰ প্ৰাণ সংকটাপন্ন কৰি তোলে আনকি পথৰ দাঁতিত থকা নিৰীহ জীৱ জন্তুবোৰো বাদ নপৰে । গভীৰ নিশালৈ উচ্চ স্বৰত ব্ক্স বজাই শ্ৰৱণ ডেচিবলৰ সীমনাৰ পাৰ ভাঙি দিয়ে । অবতৰীয়া বোমা , ফটাৰ বৰষুণ যেন শব্দ প্ৰদূষণ হৈ ধৰালৈ পৰে , চৰাইৰ- চিৰিকটিৰ কথা বাদেই কপালৰ ঘাম মাটিত পেলাই ঘৰ্মাক্ত দেহাৰে সন্তানক পঢ়া – শুনা কৰোৱা অভিভাৱকসকলৰ কথা, যিসকলে আগন্তুক চূড়ান্ত মাধ্যমিক/ উচ্চ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ অধ্যয়নত ব্যাঘাত জন্মাব তেওঁলোকৰ কথা ভৱাৰ হাবিয়াস নাই। কেবল নিজৰ তথাকথিত আনন্দ উপভোগ কৰাত মত্ত।
গতিকে, আমি আমাৰ কলা – সংস্কৃতি, নৱবৰ্ষ আদৰণিৰ পৰম্পৰা জীয়াই ৰাখিবলৈ দৃঢ়তৎপৰ নহ’লে , বিদেশী সংস্কৃতিৰ অৱবাহিকাত নিজকে ডুবাই দিলে, কালৰ সোঁতত পুনৰাই পশ্চিমীয়া লোকৰ অধীনত জাহ যাব জাতি, দেশৰ স্বাভিমান। কাগজে-কলমে সংবিধানে স্বাধীন হ’লেও আমি এসময়ত মানসিকভাৱে আনৰ গোলাম হৈয়ে থাকিম । স্বাধীন দেশৰ পৰাধীন নাগৰিক!
পৰাধীনতাৰ সোঁতত উটি – ভাহি যাবলৈ উদ্যত হ’ম !