২৮ এপ্রিলত “Career options after 10th and 12th” শীৰ্ষক  কৰ্মশালা আয়োজন

২৮ এপ্রিলত “Career options after 10th and 12th” শীৰ্ষক  কৰ্মশালা আয়োজন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত “Career options after 10th and 12th” শীৰ্ষক  এখন বিনামূলীয়া অনলাইন  কেৰিয়াৰ  কৰ্মশালা  ২৮এপ্রিলত  সন্ধিয়া ৭.৩০ বজাত  আয়োজন কৰা হৈছে । কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ     মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই  । গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত  যোগদান কৰিবৰ বাবে ক’ড (code ) হ’ল ” xvj-eswb-zuz ” ।  এই কৰ্মশালাখনত  আগ্রহী  শিক্ষাৰ্থী তথা অভিভাৱকসকলেও অংশগ্রহণ কৰিব পাৰিব  বুলি ‘ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপ’ গোটৰ প্রশাসক বিমল বৰাই জানিব দিছে ।