২৫ ছেপ্টেম্বৰত ‘বিশ্ব নদী দিৱস’ উপলক্ষে পদযাত্ৰা,মুকলি কুইজ প্ৰতিযোগিতা

২৫ ছেপ্টেম্বৰত ‘বিশ্ব নদী দিৱস’ উপলক্ষে পদযাত্ৰা,মুকলি কুইজ প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  চেভ ভৰলু অভিযানে যোৱা বছৰ ২৬ ছেপ্টেম্বৰত এক সুদীৰ্ঘ চাইকেল ৰেলীৰে ‘বিশ্ব নদী দিৱস’ উদযাপন কৰাৰ দৰে এইবাৰো ২৫ ছেপ্টেম্বৰত এই দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে৷ এই উপলক্ষে পুৱা ৬ বজাত নাগৰিকৰ সুবিধার্থে ৰাধা গোবিন্দ বৰুৱা পথত চিড়িয়াখানাৰ ওচৰৰ পৰা, উলুবাৰীত গুৰু নানক স্কুলৰ সমুখৰ পৰা চাবিপুল বিষ্ণুপুৰ দলঙলৈকে, বর্ষাপাৰা ষ্টেডিয়ামৰ পৰা ফটাশিল থানাৰ ওচৰলৈকে আৰু কুমাৰপাৰা নামঘৰৰ সমুখৰ পৰা ভৰলুমুখলৈ ভৰলু পদযাত্রা অনুষ্ঠিত হ’ব৷পুৱা ৬ বজাত আৰম্ভ হ’বলগীয়া পদযাত্রা ৭.৩০ বজা মানত সমাপ্ত হ’ব৷-এই মন্তব্য চেভ ভৰলু অভিযানৰ সভাপতি ডা° ৰবীন মজুমদাৰৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত ডা° ৰবীন মজুমদাৰে পুনৰ কয়- স্থানীয় পৌৰ নিগমৰ পাৰিষদ সকলক সন্মানীয় অতিথি হিচাপে পদযাত্ৰাৰ শুভাৰম্ভৰ বাবে আমন্ত্ৰণ কৰা হৈছে৷ দিনটোৰ দ্বিতীয় কাৰ্যসূচী হৈছে স্থানীয় কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সদৌ অসম চেভ ভৰলু মুকলি কুইজ প্রতিযোগিতা । ১০.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতা উদ্বোধন কৰিবলৈ খ্যাতনামা ইতিহাসবিদ আৰু ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° শীলা বৰাক আৰু প্ৰকৃতিবিদ তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° অবনী কুমাৰ ভাগৱতীক বিশিষ্ট অতিথিৰূপে আমন্ত্রণ জনোৱা হৈছে । কুইজ পৰিচালনা কৰিব দিলীপ কুমাৰ শৰ্মা আৰু দীপাংকৰ কৌশিকে৷ কুইজৰ পুৰস্কাৰত থাকিব নগদ মুঠ ২১,০০০.০০ টকা , একোখনকৈ শান্তনু বৰুৱাৰ অতীতৰ ভৰলু আৰু গুৱাহাটীক লৈ লিখা উপন্যাস ’বাখৰুৱা ভৰলু’ আৰু মানপত্র । সংবাদ মেলতে প্লাষ্টিক বৰ্জন আৰু ভৰলুক বচোৱাৰ আহ্বান সম্বলিত অভিযানৰ নতুন কাৰ ষ্টিকাৰ আৰু বেনাৰো উন্মোচন কৰা হয়৷সংবাদ মেলত সম্পাদক অমিয় কুমাৰ ডেকা,উপ সভাপতি ডা° সীমা ৰেখা দেৱীকে আদি কৰি কেইবাজনো সদস্য উপস্থিত থাকে৷