২৫ অক্টোবৰত প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

pc Janam TV english

২৫ অক্টোবৰত প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা – অহা ২৫ অক্টোবৰত প্ৰদান কৰা হ’ব ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । ২০১৯ বৰ্ষৰ বাবে প্ৰদান কৰা হ’ব এই বঁটা। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২২ মাৰ্চতেই ঘোষণা কৰা হৈছিল এই বঁটা। পৰম্পৰা অনুসৰি এইবছৰৰ ৩ মে’ৰ দিনা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিয়ে এই বঁটাসমূহ প্ৰদান কৰাৰ কথা আছিল । কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে এই অনুষ্ঠান স্থগিত ৰখা হৈছিল। অৱশেষত চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ে এই বঁটাসমূহ প্ৰদান কৰাৰ বাবে আনুষ্ঠানিকভাৱে অহা ২৫ অক্টোবৰৰ দিনটো নিৰ্ধাৰণ কৰিছে। ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত চেন্সৰ হোৱা ভাৰতীয় ছবিসমূহক সামৰি এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে ২০২০ চনৰ বাবে অৰ্থাৎ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা এতিয়াও ঘোষণা হ’বলৈ বাকী আছে । ইতিমধ্যে ছবি যোগদান প্ৰক্ৰিয়া সম্পন্ন হৈছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই । অহা ২৫ অক্টোবৰত সন্ধিয়া ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২০১৯ বৰ্ষৰ বাবে বিভিন্ন শিতানত শ্ৰেষ্ঠ হোৱাসকলক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব ।