২২ আগষ্টলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ শিৱসেনাৰ সাংসদ ৰাউতক

Pc Hindustan Times

২২ আগষ্টলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ শিৱসেনাৰ সাংসদ ৰাউতক

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক  মানি লণ্ডাৰিং গোচৰত ২২ আগষ্টলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। যোৱা দেওবাৰে তেওঁক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰিছিল। অনুসন্ধান সংস্থাটোৱে দাবী কৰিছে যে ৰাউতে ক্ৰয় কৰা কিছুমান সম্পত্তিত যথেষ্ট নগদ লেনদেন জড়িত আছিল। একেটা গোচৰৰ সন্দৰ্ভত ইডিয়ে ৰাউতৰ পত্নীকো জেৰা কৰিছে।