২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (চিআইএফএফ)-২০২৩”ত ভাৰতীয় পেনোৰামাত স্থান লাভ ৰ’জী বৰাৰ “দ্য লাষ্ট অনাৰ”

২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (চিআইএফএফ)-২০২৩”ত ভাৰতীয় পেনোৰামাত স্থান লাভ ৰ’জী বৰাৰ “দ্য লাষ্ট অনাৰ”

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাংস্কৃতিক জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰ’জী বৰাৰ অসমীয়া চলচ্চিত্ৰ “দ্য লাষ্ট অনাৰ”এ। অহা ১৪ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া “২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (চিআইএফএফ)-২০২৩”ত ভাৰতীয় পেনোৰামা শাখাত স্থান লাভ কৰিছে ৰ’জী বৰাৰ প্ৰথম পৰিচালনাৰ ছবি “দ্য লাষ্ট অনাৰ”এ। জেউতি প্ৰডাকচনৰ বেনাৰত মৃণাল বিন কুতুবৰ দ্বিতীয় প্ৰযোজনাৰ ছবিখন ক’ভিড-১৯ মহামাৰীৰ সময়ত এটা চাণ্ডাল পৰিয়ালে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ আধাৰত নিৰ্মাণ কৰা হৈছে। সাংবাদিক জিতুমনি বৰাৰ কাহিনীৰ আধাৰত ছবিখনিৰ চিত্ৰনাট্য ৰচনা কৰিছে কুশল কুমাৰ গগৈয়ে। চিনেমেট’গ্ৰাফাৰ চন্দ্ৰ কুমাৰ দাস। “দ্য লাষ্ট অনাৰ”ৰ সম্পাদনাৰ কৰিছে ৰতন শীল শৰ্মাই। সংগীত পৰিচালক ড° সৌৰভ শৰ্মাই। ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে প্ৰখ্যাত সংগীতশিল্পী অমৃত প্ৰীতম (এমপিএছই) আৰু দেৱজিৎ চাংমাইয়ে। আনহাতে, ছবিখনত অভিনয় কৰিছে ক্ৰমে- প্ৰয়াস ফুকন, জীনা বৈশ্য, ৰাজীৱ ক্ৰ, মনমথ বৰুৱা, হেমন্ত দেৱনাথ, ডাঃ হীতেশ বৰুৱা, দীপক কুমাৰ ৰয়, কুশল কুমাৰ গগৈ, অপূৰ্ব ডেকা, শিশুশিল্পী জীয়ান ৰঞ্জন শইকীয়া আৰু প্ৰজ্ঞাশ্ৰী হাজৰিকাই। উল্লেখ্য যে, অহা বছৰৰ ২০ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া “২২ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ডিআইএফএফ) ২০২৪”ত এছিয়ান প্ৰিমিয়াৰৰ বাবেও ছবিখনে আমন্ত্ৰণ লাভ কৰিছে।