২০-২২জন এচিএছ-এপিএছ বিষয়া পুনৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিব

pc- Kashmir Obse

২০-২২জন এচিএছ-এপিএছ বিষয়া পুনৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিব

অনলাইন বাৰ্ত্তাসেৱা-  এ পি এছ চি গোচৰৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে প্রকাশ কৰি কয় যে ডিব্ৰুগড় আৰক্ষীয়ে আয়োগৰ প্ৰাক্তন অধ্যক্ষ দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ যো-জা চলাইছে। বিশেষ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত শুনানিৰ পিছত পানেচাৰে কয় যে ২০-২২জন এ চি এছ আৰু এ পি এছ বিষয়াৰ তথ্য তেওঁলোকে লাভ কৰিছে আৰু। অৱশ্যে ইতিমধ্যে এই গোচৰটোত গ্ৰেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে নতুন অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে।