হৃদৰোগত  ভাৰতত  বছৰি ১৭ লাখ লোকৰ মৃত্যু

pc- News

হৃদৰোগত  ভাৰতত  বছৰি ১৭ লাখ লোকৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা-  বিশ্ব হৃদ দিৱসৰ প্ৰতি সংগতি ৰাখি হেল্থ চিটী হাস্পতালত অনুষ্ঠিত সজাগতা সভাত হৃদৰোগ বিশেষজ্ঞ ডাঃ শশাংক বাই মন্তব্য কৰে যে বিশ্বৰ প্ৰতি এক লাখ লোকৰ ভিতৰত ২৩৫জনৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। আনহাতে ভাৰতৰ প্ৰতিলাখ লোকৰ ২৭২জন এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ইয়াৰ মূল কাৰণ হৈছে সজাগতাৰ অভাৱ। এজন সজাগ ব্যক্তিয়ে ৪০ শতাংশ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে।চিকিৎসকগৰাকীয়ে আৰু কয় যে ভাৰতবৰ্ষত প্ৰতিবছৰে ১৭ লাখ লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। হৃদৰোগত আক্ৰান্ত হৈ মৃতুমুখত পৰা এই ধাৰা অব্যাহত থাকিলে ২০৩০ চনত মৃত্যুৰ সংখ্যা ২.৩০ কোটি হʼবগৈ। সেয়েহে হৃদৰোগ প্ৰতিৰোধৰ বাবে চিকিৎসগৰাকীয়ে সতেজ ফলমূল, শাক-পাচলি আৰু ধঁপাতজাতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত হাস্পতালখনৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তীয়ে ভাষণ আগবঢ়ায়। অনুষ্ঠানত হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হায়াংক আগৰৱালা, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ, চিকিৎসা সেৱাৰ সঞ্চালক ডাঃ অতনু বৰঠাকুৰৰ লগতে ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্ত উপস্থিত থাকে।