২০-২১ নৱেম্বৰত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা

Pc- Martial Tribes

২০-২১ নৱেম্বৰত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত ২০-২১ নৱেম্বৰত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটীৰ সভাত শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিযোগিতাখন ছাব জুনিয়ৰ. কে়ডেট, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল’ৰা আৰু ছোৱালী উভয় শাখাত অনুষ্ঠিত হ’ব। তদৰ্থ কমিটীৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিযোগিতাখনৰ বাবে কোনো খেলুৱৈৰ পৰা যোগদান মাচুল গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰ্থাৎ খেলুৱৈসকলে বিনামুলীয়াকৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব।অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ জ্যোষ্ঠ উপ-সভাপতি বিজয় গুপ্তা, অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি তথা অসম ৰাজ্যিক কাৰাটে সন্থাৰ সংযোজক হীৰেণ গগৈ, অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটীৰ সম্পাদক আদৰ্শ চৌধুৰীৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত থাকে।