২০ৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ‘স্বাস্থ্যসেৱা উৎসৱ-২’

PC - Healthline

২০ৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ‘স্বাস্থ্যসেৱা উৎসৱ-২’

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২০ৰ পৰা ২২ নৱেম্বৰলৈ সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ’ব ‘স্বাস্থ্যসেৱা উৎসৱ-২’।  এই ‘স্বাস্থ্যসেবা উৎসৱ-২’ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পূর্ণ প্রস্তুতি অব্যাহত ৰাখিছে। যোৱা এপ্ৰিল মাহত গুণোৎসৱৰ আৰ্হিত চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহৰ গুণগত মানসম্পন্ন আৰু উৎকৃষ্টমানৰ স্বাস্থ্যসেবা প্রদান সু-নিশ্চিত কৰাৰ উদ্দেশ্যে ‘স্বাস্থ্যসেৱা উৎসব- ১’ সফলতাৰে সম্পন্ন কৰা হৈছিল। ৰাজ্যৰ জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্যসেৱা প্রদান কৰাৰ লক্ষ্যৰে প্ৰায় ১,২৬১খন চৰকাৰী চিকিৎসালয় (২২খন জিলা চিকিৎসালয়, ১৫খন মহকুমা অসামৰিক চিকিৎসালয়, ২১৩খন সামূহিক স্বাস্থ্যকেন্দ্র, ১,০১১ খন প্রাথমিক স্বাস্থ্যকেন্দ্ৰ)ক সামৰি এইবাৰ ‘স্বাস্থ্যসেৱা উৎসৱ ২’ অনুষ্ঠিত কৰা হ’ব। ইয়াত সামৰি লোৱা স্বাস্থ্য প্রতিষ্ঠানসমূহক স্ব-মূল্যায়ন আৰু বহিঃমূল্যায়ন এই দুটা পৰ্যায়ত কৰা হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিতব্য ‘স্বাস্থ্যসেৱা উৎসৱ ২’ৰ মূল্যায়নকাৰীসকলে পূর্বনির্ধাৰিত তালিকা অনুসৰি স্বাস্থ্যকেন্দ্ৰসমূহৰ মূল্যায়ন সম্পন্ন কৰিব। এই তিনিদিনীয়া উৎসৱৰ বাবে মুঠ ৪৩০টা দলক নিয়োগ কৰা হ’ব। ‘স্বাস্থ্যসেবা উৎসৱ’ৰ মূল উদ্দেশ্য হৈছে— বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি, মানৱ সম্পদ আৰু স্বাস্থ্যসেৱাৰ গুণগত মানৰ মূল্যায়ন কৰি চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহত থাকি যোৱা আসোঁৱাহ- ত্রুটিসমূহ দূৰীকৰণেৰে স্বাস্থ্য প্রতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মানলৈ উন্নীত কৰাৰ লগতে স্বাস্থ্যকেন্দ্ৰসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰা তথা চিকিৎসা ব্যয় হ্ৰাস কৰা।