২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অখিলেশ যাদৱে

Pc- Zoom News

২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অখিলেশ যাদৱে

ৰঙিলী বাৰ্ত্তাসেৱা-  সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে কয় যে তেওঁ ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় লোক দলৰ (আৰএলডি) সৈতে আমাৰ মিত্ৰতা চূড়ান্ত। নিৰ্বাচনত খুৰাক শিৱপাল সিং যাদৱৰ প্ৰগতিশীল সমাজবাদী পাৰ্টি (লোহিয়া)ক লগত লৈ যোৱাৰ সম্ভাৱনা সন্দৰ্ভত অখিলেশে কয়, “মোৰ কোনো সমস্যা নাই। তেওঁ আৰু তেওঁৰ লোকসকলক উপযুক্ত সন্মান প্ৰদান কৰা হ’ব।”