১ নং বামুনপাৰাৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যু 

১ নং বামুনপাৰাৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যু 

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- মঙ্গলদৈ ১নং বামুণপাৰা নিবাসী ধৰ্মপ্ৰাণা মহিলা কাব্যপ্ৰভা দেৱী (৭৩)ৰ যোৱা নিশা নিজ বাসভৱনত মৃত্যু হয়। গাঁওখনৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰী প্ৰয়াত জ্ঞানানন্দ শৰ্মাৰ পত্নী গৰাকী বিগত কিছুদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল। সৰহবৰহী মহিলা গৰাকী প্ৰফুল্ল নগৰ মনসা মন্দিৰ পৰিচালনা সমিতিৰ উপদেষ্টাৰ উপৰিও স্হানীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত প্ৰফুল্ল নগৰ মনসা মন্দিৰ পৰিচালনা সমিতি,১নং বামুণপাৰা আঞ্চলিক সাৰ্বজনীন দূৰ্গা মন্দিৰ পৰিচালনা সমিতি, দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজ, বামুণপাৰা কৃষ্টি সংঘৰ লগতে স্হানীয় অনুষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ,বোৱাৰী,নাতি-নাতিনী সহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।