১৯ অক্টোবৰত পুৱা ৮ বজাৰ পৰা দিনৰ ১১ বজালৈ চৰকাৰী চিকিৎসকসকলে অ’ পি ডি সেৱা বৰ্জন

pc- Boston Magazine

১৯ অক্টোবৰত পুৱা ৮ বজাৰ পৰা দিনৰ ১১ বজালৈ চৰকাৰী চিকিৎসকসকলে অ’ পি ডি সেৱা বৰ্জন

অনলাইন বাৰ্ত্তাসেৱা-  চৰকাৰী চিকিৎসকসকলে ১৯ অক্টোবৰত বিভিন্ন দাবী সমৰ্থনত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।অসামৰিক চিকিৎসালয়, জিলা হাস্পতালকে ধৰি চৰকাৰী চিকিৎসালয়সমূহৰ চিকিৎসকসকলে তিনি ঘণ্টীয়াজোৰা অ’পিডি বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। উক্তদিনা পুৱা ৮ বজাৰ পৰা দিনৰ ১১ বজালৈ চৰকাৰী চিকিৎসকসকলে অ’ পি ডি সেৱা বৰ্জন কৰিব। অশম চিকিৎসা সেৱা সংস্থা (আমকা) ৰ সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰে এই কথা প্ৰকাশ কৰিছে। প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত সদৰী কৰি ডাঃ তালুকদাৰে কয় যে চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্রদান কৰি আহিছে যদিও সেইসমূহ আজিপর্যন্ত সমাধান কৰা নাই।