১৫-১৮ বছৰৰ ভিতৰত ২ কোটিৰো অধিক শিশুক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণ টিকাকৰণ কৰা হৈছে

p.c.- dna india

১৫-১৮ বছৰৰ ভিতৰত ২ কোটিৰো অধিক শিশুক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণ টিকাকৰণ কৰা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইট কৰি কয় যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ দুই কোটিতকৈও অধিক শিশুক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। তেওঁ লগতে কয়, “যুৱ ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানক পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছে!” চৰকাৰে ৩ জানুৱাৰীত ১৫ ৰ পৰা ১৮বয়সৰ শিশুসকলৰ বাবে কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান কৰা আৰম্ভ কৰিছিল।