১৫ আগষ্টত সমগ্ৰ দেশে উদাযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস

অনলাইন বাৰ্ত্তাসেৱা-  সমাগত স্বাধীনতা দিৱস। ১৫ আগষ্টত সমগ্ৰ দেশে উদাযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। এইবাৰ অসমৰ বাবে এই স্বাধীনতা দিৱস হ’ব কিছু ব্যতিক্ৰম। কিয়নো এইবাৰ অসমৰ জনসাধাৰণে শংকা অবিহনে এই স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই প্ৰতিবছৰে স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা কৰাটো এটা স্বাভাৱিক ঘটনা। আলফাৰ ৪০ বছৰীয়া ইতিহাসত প্ৰতিবাৰেই আলফাই বাৰতৰ স্বাধীনতা দিৱসৰ দিনটোত অসম বন্ধ ঘোষণা কৰাৰ লগতে সশস্ত্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।কিন্তু এইবাৰ আলফাই তেনে কোনো বন্ধ ঘোষণা কৰা নাই। আলফাই এইবাৰ স্বাধীনতা দিৱসৰ দিনা বন্ধ আৰু সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব পাৰিব বুলি ঘোষণা কৰিছে। by utpalkalita