১০০ শতাংশ লোকক প্ৰতিষেধক প্ৰদান কৰা ভুবনেশ্বৰ হʼল দেশৰ প্ৰথম খন চহৰ
অনলাইন বাৰ্ত্তাসেৱা- ওড়িষাৰ ভুবনেশ্বৰ চহৰে এক মাইলৰ খুঁটি অতিক্ৰম কৰিলে। দেশত কৰʼনাৰ তৃতীয় লহৰক কেন্দ্ৰ কৰি জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে ওড়িষাৰ ভুবনেশ্বৰ চহৰে ১০০ শতাংশ লোকক কৰʼনাৰ প্ৰতিষেধক প্ৰদান কৰে। ১০০ শতাংশ লোকক কৰʼনাৰ প্ৰতিষেধক প্ৰদান কৰা ভুবনেশ্বৰ হৈছে দেশৰ প্ৰথমখন চহৰ। ভুবনেশ্বৰ পৌৰ প্ৰশাসনে আঞ্চলিক উপ-আয়ুক্ত অংশুমান ৰথে সংবাদ প্ৰতিষ্ঠানৰ আগত সদৰী কৰা মতে এক নিৰ্দ্দিষ্ট সময়ত ভুবনেশ্বৰৰ লোকক প্ৰতিষেধক দিয়াৰ পৰিকল্পনা লোৱা হৈছিল। সেই মৰ্মে ১৮ বছৰৰ ঊৰ্ধ্বৰ ৯ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৩১ হেজাৰ জন স্বাস্থ্য কৰ্মী আৰু ৩৩ হেজাৰ কৰʼনা যোদ্ধা আছে। ৪৫ বছৰৰ ঊৰ্ধ্বৰ ৩.২৫ লাখ আৰু ১৮-৪৪ বছৰৰ ৫.১৭ লাখ লোকক কৰʼনাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।
(R.T)