হোমেন বৰগোহাঞি-শ্ৰী দেৱজিত শইকীয়া

pc- Scroll.in

হোমেন বৰগোহাঞি

শ্ৰী দেৱজিত শইকীয়া।
স্নাতকোত্তৰ প্ৰথম সান্মাষিক,
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
মিলনপুৰ, মাজুলী

 

চাৰিকড়ীয়া স্ৰোতস্বিনীয়ে সিদিনা বক্ষ উজাৰী ঘোষণা কৰিছিল
“মই মা হ’লোঁ”।
দুগ্ধেৰে মেটমৰা স্তনযুগল আঁচলেৰে কুচি-মুছি
আৱাহনী গাইছিল
পুত্ৰক সঞ্জীৱনী পান কৰিবলৈ

চাৰিকড়ীয়াৰ আবেস্তনিত লালিল- পালিত হৈ
পুত্ৰ হৈ পৰিছিল নোদোকা ঠেঁহ পতা এমাডিমা

পিতৃৰ আছিল লুতিয়াই পুৰণা কৰা আখৰৰ ডাঙৰী
চাৰিওফালে পকাধানৰ আমোল-মোল
সেউজীয়া, ধল মাছ, কলমৰ কুচকাৱাজ।

লাহে-লাহে এমাডিমাই আখৰ চিনিব পৰা হ’ল
আখৰ জোঁটাই শব্দ কৰে
শব্দই কথা কয়।
এদিন সি কটনলৈ গ’ল
কাম তিনিটা-
সুৰা খায়, জুৱা খেলে, কিতাপ পঢ়ে।
এদিন সুৰাক সত্যলৈ
জুৱাক কলমলৈ
পঢ়াক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰিলে।

সুবালাক পঢ়ি আনক পঢ়ালে
মহাশ্বেতাৰ বিয়াৰ ৰহস্য ক’লে
গ্যেটে, উল্ফ, কাফ্কা, ফ্ৰয়েড, মেক্স, মাৰ্ক্স, আইনষ্টাইন, ৰবীন্দ্ৰক অসমীয়াক দিলে
“বনলতা সেন”ক খেতি কৰিলে
জুৱা খেলত সাপৰ ঝংকাৰ দেখিলে।

মানুহজনে স্বাস্থ্যৰ বাবে দৰৱ খুৱাইছিল
মনৰ বাবে ফুৰাবলৈ নিছিল
ফুলৰ বাবে বাগিছা পাতিছিল
চৰাইৰ বাবে ৰাতিপুৱা দিছিল
সেউজীয়াক দলিছা দিছিল
দুৰ্নীতিক নাহৰফুটুকীৰ চকু।

মানুহজনে সৰুক বৰ কৰিছিল
বৰক সমালোচনা কৰিছিল-
বৰগছ হওক (অভিপ্ৰায়)
মুধাফুটাকো ধমকিয়াইছিল
এমাডিমাকো ঘণ্টাজুৰি সন্ধান দিছিল
জ্ঞান, প্ৰজ্ঞা কৰ্ষণৰ
সেইবাবে তেখেত চিৰ তৰুণ, চিৰ নতুন।

“বন্দুকৰ শব্দত ৰাতি পুৱাইনে
ওহোঁ, পুৱাই সেই চৰাইটোৰ মাতত
যিটো চৰায়ে কুটি খায় ৰাতিৰ আন্ধাৰবোৰ লাহে- লাহে।”

মানুহজনৰ অন্তৰীক্ষত জ্বলিছিল কাল পুৰুষৰ তৰোৱাল।
অনেক পৰম্পৰা বিপৰ্য্যস্ত কৰিছিল
প্ৰগতিত যি পৰম্পৰাই বৈছিল হেঙাৰ।
মানুহজনৰ ভৰুণ চকুত দোঁ খাই আছিল
এহেজাৰ এটা তেজী ঘোঁৰা।
অথচ মানুহজন আছিল চাৰিকড়ীয়াৰ সন্তান।