হেৰাল কেনিবা মানৱতা – মুন শৰ্মা

হেৰাল কেনিবা মানৱতা
 মুন শৰ্মা, লখিমপুৰ
চাৰিটা আখৰৰ দ্বাৰা গঠিত শব্দ ;
নহয় শব্দ এটি গুণ মানৱতা;
গুণৰো গুণ ঈশ্বৰপ্ৰদত্ত গুণ।
মানৱ জাতিৰ পৰিচয় সি,
মানৱ জাতিৰ অলংকাৰ সি,
মানৱ জাতিৰ গৰ্ব সি,
মানৱ জাতিৰ অভিন্ন অংশ সি।
অভিন্ন অংশ বিছিন্ন আজি;
মানৱ জাতিৰ হৃদয়ৰ পৰা;
লুপ্ত আজি সি হৃদয়ত
সমাধি ঘাটত উপস্থিত আজি।
মানৱ জাতিত আন্ধাৰ নামিল,
মানৱতা গুণৰ পতন ঘটিল।
ঈশ্বৰপ্ৰদত্ত  মানৱতাৰ শ্ৰাদ্ধ পাতি,
পিন্ধি ললে ডিঙিত কলংকৰ মালা।
কলংকৰ  মালাৰ  মিচিকি হাঁহি ,
জীৱশ্ৰেষ্ঠ আমি নহয়  বুলি।
 জাগ্ৰত কৰা সময় থাকোতেই ;
সকলোৰে হৃদয়ত মানৱতা গুণৰ;
 তেহে  স্বীকৃতি জীৱশ্ৰেষ্ঠ মানৱৰ।
জাগ্ৰত যদি নকৰোঁ আমি,
জীৱশ্ৰেষ্ঠ স্বীকৃতি আজুৰিব কোনোবাই।