চিগাৰেট এটা জ্বলাই মুখত লওঁতেই মোৰ হাতখন খামুচি ধৰিলেহি তাই।
:নাখাবা।মানা কৰিছিলো।
টু এটা শব্দ নকৰাকৈ,তাইৰ কথামতেই দলিয়াই পেলালো চিগাৰেটটো।
বটলত সোমাই থকা বিলাতী সুৰাবোৰৰ আহ্বানত,এইবাৰ গ্লাছত বাকী লʼলো এপেগ।
:শপত দিছিলো তোমাক।ভূলতো মূখত নিদিবা।
এইবাৰো তাইৰ আৱেগৰ চকুজুৰিৰ আবদাৰত মই ঠেকেছা মাৰি থৈ দিলো গিলাছটো।
তাই মোৰ শৰীৰটোৰ খেয়াল ৰাখে।ইটো নাখাবা সিটো নাখাবা বুলি তদাৰক কৰি মোক তাইৰ শপত দি কয়,’মোৰ শপত দিছো কিন্তু।শপত ভংগ কৰিলে আয়ূস কমিব মোৰ।’
মই গুৰুত্ব নিদিওঁ।
এতিয়া,
তাইৰ প্ৰতিটো উচ্ছাৰিত শব্দই কৰ্ণপটহত বাৰম্বাৰ খুন্দিয়াই যায় মোক।তাইৰ অভিমান ভাঙিব নজনা মই আজি তাইৰ অভিমান ভাঙিবলৈ কাণত ধৰি উঠা বহা কৰো,তাইক সময় দিওঁ, মনৰ কথা পাতো,কান্দো,উচ্ছ স্বৰত হাহোঁ।তাইৰ শপত ভাঙি সেইদিনা জোৰত গাড়ী চলোৱাৰ অপৰাধত তাইৰ ওচৰত ক্ষমা খুজো।
বি:দ্ৰ: দেৱালত ওলমি আছে তাইৰ এখন ধুনীয়া ছবি,এডাল মালাৰ সৈতে।মই চিঞৰি কান্দো।তাইৰ নাম লৈ মাতো। তাই মোক আকোৱালি ধৰে,মোৰ বুকুত টোপনি যায়,সাৰ সুৰ নোহোৱাকে…আলফুলে।
ববিতা বৰা