হেমা মালিনী আৰু প্ৰসূন যোশীক আইএফএফআইত ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ বঁটা প্ৰদান

pc the indian express

হেমা মালিনী আৰু প্ৰসূন যোশীক আইএফএফআইত ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেত্ৰী-ৰাজনীতিবিদ হেমা মালিনী আৰু গীতিকাৰ আৰু চিবিএফচিৰ অধ্যক্ষ প্ৰসূন যোশীক ভাৰতীয় ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব ২০২১ বঁটা প্ৰদান কৰা হ’ব। চলচ্চিত্ৰ মহোৎসৱটো এই মাহৰ শেষৰ ফালে গোৱাত অনুষ্ঠিত হ’ব। আই এণ্ড বি মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “তেওঁলোক ভাৰতীয় চলচ্চিত্ৰৰ আইকন যি বিশ্বজুৰি প্ৰশংসিত আৰু সন্মানিত।”