“হেঙুলী আকাশৰ ৰঙ” – প্ৰসেনজিৎ গোস্বামী

pc VERBAL BLUNDER

হেঙুলী আকাশৰ ৰঙ

প্ৰসেনজিৎ গোস্বামী

বাঁহনী দৰাত ওলমি থকা

জোনটো সৰি পৰাৰ আশাত

ৰৈছিলোঁ

নপৰিল।

তোমালৈ বুলি জোন তৰা

একোৱেই আনা নহ”ল।

আনিছোঁ মাথো এখন হিয়া।

মৰমেৰে উপচাই॥