হৃদয়ৰ গুঞ্জন- মানসী মিশ্র

PC UNsplash

হৃদয়ৰ গুঞ্জন

হৃদয় মানে তুমি ভবাৰ দৰে
এটি শব্দ নে যি শব্দ
কাগজৰ পৃষ্ঠাত লিখি পেলাব পাৰি
হয়তো……হয়তো
বিচাৰিলে বিক্ৰীও কৰিব পাৰি
সৌ চুবুৰীৰ হাট খনত এটকা দুটকাত
হয়তো বিচাৰিবও পাৰি তুমি ভবাৰ দৰেই..
ওপৰৰ আকাশখনত,এটি দুটি তৰাৰ মাজত
আৰু মকৰা জাল খনৰ দৰেই
গাঁঠি পেলাব পাৰি নেকি?
হৃদয়ৰ বুটা বচা আখৰবোৰ
হয়তো নৈৰ বুকুৱেদি বোৱাই নিব পাৰি
হৃদয়ৰ প্ৰতিটো আখৰ বাধাহীন সীমনালৈ
যত সাগৰৰ বুকুৱেদি আকৌ উভতি আহে
হৃদয়খন মোৰ বুকুলৈ চিনাকি
মৰমৰ উত্তাপ হৈ।

মানসী মিশ্র