হৃদয়ত এখন উপন্যাস
********
ভয় লাগে গাঁওখনৰ কথা ভাবিলে
তাইও ভবা নাছিল ,
অচিনাকি মাতবোৰৰ মাজত প্ৰেম নাছিল
আছিল ভয়াবহ আন্ধাৰে আৱৰা
গোপন ষড়যন্ত্ৰ ।
লাজ লাজকৈ আপোন পাহৰা হৈ
কিছুমান সুৰত মগ্নতাত হাতখন মেলি দিছিল
পোৱাৰ আশাৰে ,
বয়সে ঢুকি নোপোৱা নিজৰ মতকে শুদ্ধবুলি
আগবাঢ়িছিল মনৰ মাজতে আবেগ ,
অনুভূতিৰে প্ৰশ্নয় দিছিল ,
শিৰৰ সেওঁতা ফালি ল’ব হেঁপাহৰ বেলিটি
মৌ মিঠাত সুৰত ঝুনুকাৰে বাজিছিল ,
গৰল হৈ কামুৰি এদিন বিষাক্ত বিষ ঢালি
আঁতৰি গৈছিল নেদেখা জুই জ্বলাই ,
সেই জুই তাইহে দেখিছিল ,
নিশা মাতাল হৈ উন্মনাৰে বহু নিশা উচুপিছিল
জাতিক লৈ কৰা অহংকাৰত ফুটনি মৰা
অচিনাকি গোন্ধতো নিজে নিজে
সময়ৰ সকিয়নিৰে বিদায় মাগিলে ,
এয়া বাস্তৱ , লাগে নিৰৱ দৰ্শক হৈ
চাই থাকা ধৈৰ্য, আৰু সহ্যৰে
ঈশ্বৰৰ বিচাৰত
সত্যৰ সদায় জয় ,
শব্দৰ মালাৰে লিপিৱদ্ধ হৈ আছে
হৃদয়ত এখন উপন্যাস ।
✍️ যমুনা দুলু বৈশ্য
শুৱালকুছি
হৃদয়ত এখন উপন্যাস – যমুনা দুলু বৈশ্য ,শুৱালকুছি
