হিন্দু সভ্যতাৰ পৰিপন্থী বিৰ্তকিত মন্তব্য সহ্য কৰা নহ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

হিন্দু সভ্যতাৰ পৰিপন্থী বিৰ্তকিত মন্তব্য সহ্য কৰা নহ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  ধিঙৰ বিধায়ক আমিনুল ইছলামক শেষ সকিয়নী প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।ধিঙৰ বিধায়ক গৰাকীয়ে কেইটামান দিনৰ পূৰ্বে কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেৱে দান কৰি কৰিছিল বুলি মন্তব্য কৰিছিল।আমিনুল ইছলামক শেষ সকিয়নী প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”হিন্দু সভ্যতাৰ পৰিপন্থী কোনো বিৰ্তকিত মন্তব্য সহ্য কৰা নহ’ব।হিন্দু সভ্যতাৰ পৰিপন্থী কথা কলে কাকোয়ে সহ্য কৰা নহ’ব।ঔৰংগজেৱ বাদ দিয়ক, তেওঁৰ বাবাও আহিব পৰা নাই অসমত।এনে কথা-বতৰাই সমাজখন অস্থিৰ কৰে।শ্বেৰমান আলীটো জেলত আছেই গতিকে এইবাৰ আমিনুলো যাব লাগিব।