হিন্দু মুছলিমৰ পূৰ্বসুৰী একেইঃ আৰএছএছ নেতা মোহন ভাগৱত

pc-Scroll.in

হিন্দু মুছলিমৰ পূৰ্বসুৰী একেইঃ আৰএছএছ নেতা মোহন ভাগৱত

অনলাইন বাৰ্ত্তাসেৱা- আৰ এছ এছৰ নেতা মোহন ভাগৱতে সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত  মন্তব্য কৰে যে ভাৰতত বাস কৰা হিন্দু আৰু মুছলিমৰ পূৰ্বসুৰী একেই, ব্ৰিটিছেহে তেওঁলোকক বিভাজিত কৰিছে বুলি মন্তব্য কৰে। ব্ৰিটিছসকলে হিন্দুৰ সৈতে একেলগে থকাৰ সিদ্ধান্ত ল’লে মুছলিমে একো নাপাব বুলি কোৱাৰ বাবেই দুয়ো ধৰ্মীয় সম্প্ৰদায় ভাগ ভাগ হৈ পৰিছিল। মুছলিমসকল হিন্দুৰ সৈতে একেলগে থাকিলে ভাৰতৰ পৰা ইছলাম নোহোৱা হৈ যাব বুলি কৈছিল যাৰ ফলত কোনো মুছলিম পদবী লাভ কৰিবলৈ সক্ষম নহ’ব বুলি ব্ৰিটিছে কয়। আৰ এছ এছৰ নেতাগৰাকীৰ মতে ব্ৰিটিছসকলে হিন্দুসকলৰ সন্মুখত মুছলিমক সন্ত্ৰাসবাদী বুলি ধাৰণা দিছিল। যাৰ ফলত দুয়োটা সম্প্ৰাদায়ৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

 

(RT)