সুধাকণ্ঠ- প্ৰস্তুতি শৰ্মা

pc- Wikipedia

সুধাকণ্ঠ

প্ৰস্তুতি শৰ্মা,

 গোলাঘাট বাণিজ্য মহাবিদ্যালয়

এটা জীৱন্ত নাম
সুধাকণ্ঠ

যাৰ সুৰৰ লহৰে লহৰে
গীতৰ ভাঁজে ভাঁজে
প্ৰবাহমান
অসীম সাহস আৰু স্বদেশ প্ৰেমৰ ভাষা

সুধাকণ্ঠ
তুমি বৈ আছা
বতাহৰ দৰে
নদীৰ দৰে
হৃদয়ে হৃদয়ে
প্ৰাণে প্ৰাণে
আমাৰ উশাহে বতাহে।।।